31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    গৰুখুটিত উচ্ছেদ অভিযানত মানৱ অধিকাৰ উলংঘন কৰা হৈছে- চিপিএম

    "২৩ ছেপ্টেম্বৰৰ পৰা, শিশু আৰু মহিলা আৰু উচ্ছেদ কৰা কমেও ১০০০ পৰিয়ালৰ বাকী সকলে ভয়ংকৰ সংকটৰ সন্মুখীন হৈ বাস কৰি আছে। পুনৰ সংস্থাপনৰ পৰা আঁতৰি, চৰকাৰে তেওঁলোকক ইমান দিন ধৰি কোনো খাদ্য বা পানী যোগান দিয়া নাই"

    ■ ৰাজ্যিক মানৱ অধিকাৰ আয়োগে অসমৰ গৰুখুটি ধলপুৰত উচ্ছেদ অভিযান আৰু গুলীচালনাত চৰকাৰৰ ভূমিকা আৰু তদন্তৰ প্ৰতিবেদন বিচাৰিছে। চিপিএমে অভিযোগ কৰিছিল যে, গৰুখুটিত উচ্ছেদ অভিযানত মানৱ অধিকাৰ উলংঘন কৰা হৈছে। বিজেপিয়ে বেদখল আঁতৰোৱাৰ নামত এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি লৈছে। চিপিএম পলিটব্যুৰো সদস্য বৃন্দা কাৰাট, দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুপ্ৰকাশ তালুকদাৰ, সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে বাওঁপন্থী প্ৰতিনিধিসকলে গাৰুখুটিৰ ধলপুৰ ভ্ৰমণ কৰে আৰু উচ্ছেদ কৰা পৰিয়ালসমূহক সাক্ষাৎ কৰে।

    বৃন্দাই সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। “২৩ ছেপ্টেম্বৰৰ পৰা, শিশু আৰু মহিলা আৰু উচ্ছেদ কৰা কমেও ১০০০ পৰিয়ালৰ বাকী সকলে ভয়ংকৰ সংকটৰ সন্মুখীন হৈ বাস কৰি আছে। পুনৰ সংস্থাপনৰ পৰা আঁতৰি, চৰকাৰে তেওঁলোকক ইমান দিন ধৰি কোনো খাদ্য বা পানী যোগান দিয়া নাই। কিন্তু তেওঁলোক সকলো ভাৰতীয় নাগৰিক। পূৰ্বপুৰুষৰ নাম ১৯৫০ চনৰ ভোটাৰ তালিকা আৰু এন আৰ চিত আছে। তেওঁলোকৰ ওচৰত ভাৰতীয় হ’বলৈ সকলো নথি-পত্ৰ আৰু ভূমিনথি আছে। ”

    লগতে বৃন্দাই দাবী কৰে, “পাঁচ দশক ধৰি আৱাসী হোৱাৰ পাছতো নিৰ্লজ্জ, বিজেপি চৰকাৰে বৃহৎ আৰক্ষী বাহিনীৰে আৱাসীসকলক উচ্ছেদ কৰিছে, লাঠি চলাই, গুলী চালনা কৰিছিল, দুজন লোকক হত্যা কৰিছে। অভিযানত আনকি মহিলা আৰু শিশুসকলকো এৰি দিয়া হোৱা নাছিল। তেওঁলোকক কেৱল সংখ্যালঘু আৰু মুছলমান হোৱাৰ বাবে এনে ব্যৱহাৰ কৰা হৈছিল। হিন্দু ৰাজ্যৰ পতাকা বাহকসকলৰ এই সাম্প্ৰদায়িক মনোভাৱ আৰু অমানৱীয় উচ্ছেদ দেশ আৰু সংবিধান বিৰোধী কাৰ্য কৰিছে। আমি ইয়াৰ বিৰুদ্ধে যুঁজ দিম। ” বুলি তেওঁ সৰৱ হৈ পৰে।

    ৰাজ্যিক চিপিআই সম্পাদক মুনিন মহন্তই কয় যে, “আমি বলপূৰ্বক উচ্ছেদৰ বিৰুদ্ধে নহয়। কিন্তু প্ৰথমে পৰিয়ালবোৰক সঠিক পুনসংস্থাপনৰ ব্যৱস্থা প্ৰদান কৰি উচ্ছেদ কৰিব লাগিব। তেওঁ অভিযোগ কৰে, “বহুতো চাহ বাগিচা আৰু ঔদ্যোগিক সংগঠনেও চৰকাৰী ভূমি বেদখল কৰিছে।” বিজেপি চৰকাৰে তেওঁলোকক উৎখাত কৰিবলৈ এনে ধৰণৰ ব্যৱস্থা কিন্তু গ্ৰহণ কৰা নাই! ধলপুৰৰ লোকসকল সংখ্যালঘু হোৱাৰ বাবে চৰকাৰে এনেদৰে জঁপিয়াই পৰিছে। অসমৰ নাগৰিক হোৱা স্বত্বেও এনে ব্যৱহাৰ। চৰকাৰে এইসকলক বাংলাদেশী ব্যৱস্থা কৰাৰ প্ৰচেষ্টা কৰিছে। কিন্তু পৰিয়ালবোৰৰ নাম এন আৰ চিত আছে। ”

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে, বেদখলকাৰীৰ সংখ্যা বৃদ্ধি হৈছে। এন আৰ চিত ১০,০০০ জনৰ ভিতৰত ৬,০০০ লোকৰ নাম নাই। কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে গৰুখুটিৰ ঘটনাৰ সৈতে অসম আন্দোলন সন্দৰ্ভত সাম্প্ৰদায়িক আৰু বিতৰ্কিত মন্তব্য কৰি কংগ্ৰেছক অধিক বিচলিত কৰিছে। অৱশ্যে কংগ্ৰেছে দাবী কৰিছিল যে শ্বেৰমানৰ মন্তব্য গ্ৰহণযোগ্য নহয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছিল যে, শ্বেৰমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিষয়ে বিৰোধী নেতা দেৱব্ৰত শইকীয়াৰ সৈতে আলোচনা কৰা হ’ব।

    Via By: Assam | News
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds