31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    আপোনাৰ EMI দিবলৈ আছে নেকি? অক্টোবৰৰ পৰা নতুন নিয়ম প্ৰৱৰ্তন! সবিশেষ জানি লওঁক

    ষ্ট্ৰীমিং সেৱা বা ইএমআইত প্ৰতি মাহৰ আৰম্ভণিতে একাউণ্টৰ পৰা কাৰ্ডৰ দ্বাৰা টকা কৰ্তন কৰা হয়। ৰিজাৰ্ভ বেঙ্কে অহা মাহৰ পৰা অটো-ডেবিট পৰিশোধত পৰিৱৰ্তন কৰিছে।

    ■ আপুনি যিকোনো কামৰ বাবে EMI যোগেদি বস্তু নিশ্চয় কিনিছে। বিত্তীয় প্ৰতিষ্ঠান সমূহৰ দ্বাৰা দৈনন্দিন প্ৰয়োজন হোৱা সামগ্ৰী, গাড়ী, বাইক, মোবাইল ফোনৰ পৰা আৰম্ভ কৰি ভিন্ন ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী ইত্যাদিৰ বাবে EMI ব্যৱস্থা কৰে। কিন্তু এতিয়াৰ পৰা এই সুবিধাত নতুনত্ব আহিছে।

    ষ্ট্ৰীমিং সেৱা বা ইএমআইত প্ৰতি মাহৰ আৰম্ভণিতে একাউণ্টৰ পৰা কাৰ্ডৰ দ্বাৰা টকা কৰ্তন কৰা হয়।
    ৰিজাৰ্ভ বেঙ্কে অহা মাহৰ পৰা অটো-ডেবিট পৰিশোধত পৰিৱৰ্তন কৰিছে। এতিয়াৰ পৰা গ্ৰাহকৰ অনুমতি অবিহনে কোনো ধন স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰিব নোৱাৰি। ঋণৰ মাহিলী কিস্তি হওঁক বা অনলাইন ষ্ট্ৰীমিং সেৱাৰ বাবেই হওঁক। প্ৰিপেইড ষ্ট্ৰীমিং সেৱা বা (EMI) ইএমআইত প্ৰতি মাহৰ আৰম্ভণিতে বেংকৰ সৈতে EMI জড়িত একাউণ্টৰ পৰা কাৰ্ডৰ দ্বাৰা টকা কৰ্তন কৰে।

    এতিয়াৰ পৰা, সেই টকা কৰ্তন কৰাৰ কমেও ২৪ ঘণ্টা আগতে আপোনাৰ অনুমতি লোৱা হ’ব। টকা কৰ্তন কৰাৰ আগতে ই-মেইল বা এছএমএছ(SMS) গ্ৰাহকৰ ফোনলৈ যাব। গ্ৰাহকৰ ‘সন্মতি’ থাকিলে পৰিশোধ কৰা হ’ব।

    যদি ৫ হাজাৰ টকাৰ অধিক কৰ্তন কৰা হয়, ওটিপি(OTP) যোগেদি কৰ্তন কৰা হ’ব। যদি আপুনি সেই OTP দিয়ে তেতিয়াহে ইএমআইৰ ধন পৰিশোধ কৰা হ’ব।

    ফলস্বৰূপে, আপুনি আপোনাৰ বেঙ্কৰ সৈতে সম্পৰ্কিত নম্বৰৰ বাৰ্তা নিয়মীয়াকৈ পৰীক্ষা কৰিব লাগিব। আপুনি OTP হেৰুৱাই বা দিলিত কৰিলে ইএমআই পৰিশোধ কৰিবলৈ বহুত পলম হ’ব পাৰে।

    গ্ৰাহকসকলে নিবিচাৰিলে পৰিশোধ বাতিল কৰিব পাৰে। বেঙ্কেও EMIৰ এই অতিৰিক্ত সেৱাৰ বাবে কোনো শুল্ক পৰিশোধ কৰিব নালাগিব।

    ভাৰতীয় ৰিজাৰ্ভ বেংকে অক্টোবৰত দেশৰ বেংকিং ব্যৱস্থাক অধিক সুৰক্ষিত কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তাৰে নতুন নিয়মটো ইয়াৰ মাজৰ এটা এই ব্যৱস্থা।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds