31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    ২০১৪ চনৰ পাছত ৰাজ্যত প্ৰৱেশ কৰা এগৰাকী ব্যক্তিয়েও নাগৰিকত্ব লাভ নকৰেঃ মুখ্যমন্ত্রী

    মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০১৪ চনৰ পাছত ৰাজ্যত প্ৰৱেশ কৰা এগৰাকী ব্যক্তিয়েও নাগৰিকত্ব লাভ নকৰে বুলি স্পষ্ট কৰি দিছে। শিৱসাগৰত আজি পুৱা সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, যিসকল লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰা হোৱা নাই অকল তেওঁলোকেহে নাগৰিকত্ব সংশোধনী আইনৰ ব্যৱস্থা অনুসৰি, সুফল লাভ কৰিব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে আবেদন নকৰা কোনো ব্যক্তিয়ে যদি নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি উপকাৰ লাভ কৰে, তেন্তে তেওঁ মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিব।

    https://x.com/himantabiswa/status/1767524911688671701?s=20

    জনসাধাৰণে এতিয়া কিমান গৰাকী বিদেশীয়ে নাগৰিকত্বৰ বাবে আবেদন কৰিব সেই বিষয়ে জানিব পাৰিব আৰু ৪৫ দিনৰ পাছতহে স্থিতি স্পষ্ট হৈ পৰিব। ইপিনে, নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰাৰ প্ৰতিবাদত কেইটামান সংগঠনে প্রতিবাদ সাব্যস্ত কৰিছে। আইনখন বলবৎ হোৱাৰ প্ৰতিবাদত কংগ্ৰেছ নেতৃত্বাধীন ১৬ টা দলৰ বিৰোধী ঐক্যমঞ্চই আজি ৰাজ্যজোৰা হৰতাল ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰাৰ বিৰুদ্ধে হৰতাল আৰু প্ৰতিবাদ সাব্যস্ত কৰা ৰাজনৈতিক দলসমূহৰ পঞ্জীয়ন বাতিল কৰা হ’ব পাৰে বুলি সঁকিয়াই দিছে। এনে ধৰণৰ প্ৰতিবাদক যোৱা বছৰ ১৯ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ উলংঘন বুলি গণ্য কৰা হ’ব। ইফালে, সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে। ৰাজ্যখনত অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।


    ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে চলি থকা বিকাশ যাত্ৰা কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি শিৱসাগৰ জিলাত ৪৫৪ কোটি টকা ব্যয়সাপেক্ষ ৩২টা প্ৰকল্পৰ উদ্বোধন, ভূমিপূজন আৰু শিলান্যাস কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ ডিমৌ ৰাইছাই গ্ৰাম্য ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি আৰু পদক্ষেপৰ খতিয়ান দাঙি ধৰে। তেওঁ কয় যে, ডিমৌত আধাৰশিলা স্থাপন কৰা শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ কাম ৰাজ্য চৰকাৰে ৩ বছৰত সম্পূৰ্ণ কৰিব। এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শৰ্মাই ৰাজ্যৰ কন্যাসকলৰ উচ্চ শিক্ষাৰ বাবে অসম চৰকাৰে এখন নতুন আঁচনি গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত দশম শ্রেণী উত্তীর্ণ ছাত্রীক একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে চৰকাৰে ১০ হাজাৰকৈ টকা প্ৰদান কৰিব। একেদৰে, দ্বাদশ শ্রেণী উত্তীর্ণ ছাত্রীক স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে ১২ হাজাৰ ৫০০ টকাকৈ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে জানিব দিয়ে। ড০ শৰ্মাই জিলাখনৰ বিভিন্ন চাহ বাগিচা চিকিৎসালয়ৰ বাবে ২৬ খন নতুন এম্বুলেন্স আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে আজি জিলাখনৰ জয়সাগৰৰ ডিমৌ পথাৰত নিৰ্মাণ কৰা অসম আৰক্ষীৰ ২৫ নম্বৰ বেটেলিয়নৰ চাউনী উদ্বোধন কৰে। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সুৰক্ষাত নিয়োজিত বেটেলিয়নৰ চাউনীটোত ১৫ কোটি টকা ব্যয়সাপেক্ষে ১৩০ বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে। চাউনী উদ্বোধনৰ পাছত মুখ্যমন্ত্ৰীয়ে নাজিৰাত গাহৰি মাংস প্ৰসংস্কৰণ গোট মুকলি কৰে। তেওঁ জিলাখনত বি.এড কলেজ, আমগুৰি ক্রীড়া প্রকল্প, ধোদৰআলিৰ পৰা ৰহদৈ আলিলৈ নিৰ্মাণ আৰু উন্নয়ন সাধন কৰা পথ প্ৰকল্প তথা ৪টা আদর্শ অংগনবাড়ী কেন্দ্র উদ্বোধন কৰে। তেওঁ ৭২ খন ৰাজহুৱা পানী যোগান আঁচনিও উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ আন ১৫টা পথ প্ৰকল্পৰো শিলান্যাস কৰে। ইপিনে, চৰাইদেউ জিলাত মুখ্যমন্ত্ৰীয়ে ২১০ কোটি টকাৰ বিভিন্ন প্রকল্প মুকলি কৰে। তেওঁ গৰৈমাৰীত নিৰ্মিত মাহমৰা ক্ৰীড়া প্রকল্প উদ্বোধন কৰে। ১০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত এই প্ৰকল্পই জিলাখনৰ ক্ৰীড়া খণ্ডৰ উত্তৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে ৫ কোটি ৮৩ লাখ টকা ব্যয়সাপেক্ষ টঙিয়াৰ পৰা চাহেবখানা অভিমুখী পথ আৰু প্ৰায় আঢ়ৈ কোটি টকা ব্যয়সাপেক্ষে নির্মিত ডগাভেটাৰ পৰা গড়পাৰা অভিমুখী আন এটা পথ মুকলি কৰে। তদুপৰি, মুখ্যমন্ত্ৰীয়ে মথুৰাপুৰ সাপ্তাহিক বজাৰখন মুকলি কৰাৰ লগতে জলজীৱন মিছনৰ অধীনত প্রায় ৩৭ কোটি টকা ব্যয়সাপেক্ষে নির্মিত ২৬ খন ৰাজহুৱা পানী যোগান আঁচনি উদ্বোধন আৰু কেইবাখনো আঁচনিৰ শিলান্যাস কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds