মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত এটা আৰম্ভণি বুলি প্ৰকাশ কৰি কয় যে, আত্মসহায়ক গোটৰ সদস্যা সকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ধেমাজি জিলাৰ চিমেন চাপৰিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধন বিতৰণ কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কয়, অসমৰ নাৰী সমাজে ৰাজ্যত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে আৰু ভৱিষ্যতে ৪০ লাখ মহিলাই ৮৫ হাজাৰ টকা পৰ্যন্ত উদ্যমিতা পুঁজি লাভ কৰিলে অসমৰ গ্ৰাম্য অৰ্থনীতিত নিশ্চিতভাৱে যুগান্তকাৰী পৰিৱৰ্তন আহিব।

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে চৰকাৰে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে প্ৰমুখ্য কৰি বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে গ্রামাঞ্চলত জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছাৰ কথা প্ৰকাশ কৰে। জোনাই বিধানসভা সমষ্টিৰ ৩৬,৮৮৬ গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে।






