31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    গুৱাহাটী প্ৰেছ ক্লাবত জ্যোতিষ শিক্ষা শিৰোমণি জ্যোতিষ বেদাৰ্ণব গ্ৰন্থ উন্মোচন

    জ্যোতিষ শাস্ত্ৰই মানৱ সমাজত নতুন মাত্ৰা প্ৰদান কৰিব-ড৹ প্ৰবোধ শৰ্মা

    ■ টংলাৰ পৰা চিন্ময় ডেকাঃ
    জনগণক জ্যোতিষ শাস্ত্ৰৰ জ্ঞান দিয়াৰ মানসেৰে আজি গুৱাহাটী প্ৰেছ ক্লাবত জ্যোতিষী গোপাল দেৱ শৰ্মা, লংকেশ্বৰ দেৱ শৰ্মা, বিপুল শৰ্মা আৰু মিলন বৰদলৈৰ দ্বাৰা ৰচিত আৰু গায়ত্ৰী প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ ‘জ্যোতিষ শিক্ষা শিৰোমণি জ্যোতিষ বেদাৰ্ণব’ উন্মোচন কৰা হয়। উক্ত গ্ৰন্থ খন উন্মোচন কৰে বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ স্বত্বাধিকাৰ ড৹ প্ৰবোধ শৰ্মাই। উদ্বোধনী ভাষণ প্ৰসংগত ড° শৰ্মাদেৱে জ্যোতিষ বেদৰ চাক্ষুষ হাতি মাৰি ভুৰুকাত ভৰোৱাৰ দৰে গ্ৰন্থ প্ৰকাশ কৰা হৈছে বুলি মতপ্ৰকাশ কৰে। গুৰুৰ প্ৰতি অনাবিল যি ভাৱৰ পূৰ্ণ মিলন তথা আধ্যাত্মিক জ্ঞান ধাৰণাৰে প্ৰয়াস প্ৰদান কৰা চাৰিগৰাকী লেখক শিৰোমণি গোপালদেৱ শৰ্মা, লোকেশ্বৰ দেৱ শৰ্মা, বিপুল শৰ্মা, মিলন বৰদলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি
    লগতে কয় যে জ্যোতিষ শাস্ত্ৰই মানৱ সমাজত নতুন মাত্ৰা প্ৰদান কৰিব সূক্ষ্ম দৃষ্টিকোণৰ পৰা গ্ৰন্থখনে সমাজত ব্যাপক ভাৱে চৰ্চা লাভ কৰিব। এই গ্ৰন্থ খনি বেদাৰ্ণব শাস্ত্ৰই সমাজৰ ত্ৰান সৃষ্টি কৰিব। প্ৰভাতী পুৱাৰ বাস্তৱিক বাখ্যাৰ ৰূপত নৈতিক সহানুভূতি আৰু সমাজ সংস্কাৰ জীৱনৰ বাটত গ্ৰন্থ খনি অৰিহণা যোগাব।

    শাস্ত্ৰৰ অধ্যয়ণেৰে গভীৰ জ্ঞানৰ মানদণ্ড নিৰূপণ কৰিব বুলি কয়। গ্ৰন্থ উন্মোচনৰ আগমুহূৰ্ত বন্তি প্ৰজ্জ্বলন কৰে কছাৰী যোৱা সত্ৰ তথা গাৰ্গীৰ সম্পাদক বিষ্ণু গোস্বামীয়ে, সৰস্বতী বন্দনা পৰিবেশন কৰে  শিল্পী পিংকু গোস্বামী শৰ্মাই। শালগৰ শৰাই আগবঢ়াই মনোভাব ব্যক্ত কৰি জ্যোতিষী গোপাল দেৱ শৰ্মাই কয় যে সৎ সংগ, সৎ বিশ্বাস আৰু সৎ কৰ্মৰ জৰিয়তে মানৱ জাতিৰ জীৱন ধন্য কৰি তুলিব পাৰি। উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ টংলাৰ নিবাসী গোপলদেৱ শৰ্মাৰ ইতিমধ্যে বিশ্বমাতা (২০০৫), জ্ঞানৰ সঁফুৰা(২০০৮), স্মৃতিৰ কৰণি(সম্পাদনা ২০১৬),সংস্কাৰ অম্বয়(২০২০) গ্ৰন্থ প্ৰকাশ পায়।


    গায়ত্ৰী প্ৰকাশনৰ স্বত্বাধিকাৰ ৰাজেন ভট্টাচাৰ্যই আঁত ধৰা অনুষ্ঠান খনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে সদৌ অসম জ্যোতিষ সভাৰ মুখ্য সম্পাদক কীৰ্তিৰঞ্জন শৰ্মা, অসম জ্যোতিষ সভাৰ সঞ্চালক তথা বস্তু বিশাৰদ ড০ অনিল বৰুৱা আৰু অসম সাহিত্য সভাৰ বিশেষ আমন্ত্ৰিত সদস্য অতুল তামুলী লগতে টংলাৰ পৰা যুৱ সংবাদকৰ্মী অৰূপ বড়ো আৰু চিন্ময় ডেকা উপস্থিত থাকে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.