31.3 C
Guwahati
Tuesday, November 4, 2025
More

    শেহতীয়া আপডেটঃ

    অভিলেখ গঢ়িলে বিশ্বনাথ জিলা পৰিবহণ বিভাগে :: ৭ মাহত ৰাজহ সংগ্ৰহ ১৪ কোটি ::

    অভিলেখ গঢ়িলে বিশ্বনাথ জিলা পৰিবহণ বিভাগে :: ৭ মাহত ৰাজহ সংগ্ৰহ ১৪ কোটি ::

    অসম খবৰ বিশ্বনাথ চাৰিআলি ৩ নৱেম্বৰ :

    ৰাজ্যৰ চৰকাৰৰ অন্যতম বিভাগ অসম পৰিবহন বিভাগক। পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী সকল বিভিন্ন সময়ত সমালোচনা সন্মুখীন হ’ব লগা হয় যদিও নিজৰ দায়িত্ব চৰকাৰৰ দায়বদ্ধ আৰু ৰাজ্য খন আগুৱাই যোৱা ক্ষেত্ৰত সেই সমালোচনাক একাকাৰ কৰি নিজৰ দায়িত্ব কৰ্তব্য পালন কৰি গৈছে একাংশ কৰ্মচাৰীয়ে। উল্লেখযোগ্য যে চৰকাৰে বান্ধি দিয়া ৰাজহৰ পৰিমাণৰ তুলনাত বিভিন্ন শিতানৰ জৰিয়তে অধিক ৰাজহ সংগ্ৰহ কৰি চৰ্চালৈ আহিছে বিশ্বনাথ জিলাৰ পৰিবহন বিষয়া কাৰ্যালয়। এটা মাহত ২ কোটি টকা ৰাজহ সংগ্ৰহ কৰা বিপৰীতে মাত্ৰ ৭ টা মাহত ১৪ কোটি অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ জিলাৰ পৰিবহন কাৰ্যালয়ে। উল্লেখযোগ্য যে ২০১৯ চনৰ ৯ আগষ্টত আনুষ্ঠানিক ভাৱে মুকলি হোৱা বিশ্বনাথ জিলাৰ পৰিবহন কাৰ্যালয়ত কেইবাজনো জিলা পৰিবহন বিষয়াই যোগদান কৰিলে যদিও ২০২৪ চনত যোগদান কৰা শৈলেন কুমাৰ দাস এতিয়া চৰ্চালৈ আহিছে। উল্লেখযোগ্য যে জিলা বিষয়া গৰাকীৰ নেতৃত্বত যোৱা দিনবোৰত জিলা খনত যান বাহন আইন বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা বিশেষকৈ একাংশ লোকে
    ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অৰ্ভাৰ লোড লৈ বিভিন্ন সামগ্ৰী সৰবৰাহ কৰাত বহু দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত এই গাড়ীসমূহৰ বিৰুদ্ধে জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ে অভিযান চলাই ১০০ খনৰো অধিক অৰ্ভাৰ লোক গাড়ী জব্দ কৰি ৩০ লাখৰো অধিক ধন জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

    ইফালে বহু কৰ ফাঁকি দিয়া যান বাহনৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল কৰ সংগ্ৰহ ক্ষেত্ৰত গুৰুত্ব দিছে সেইটো নহয় জিলাৰ খনৰ কাৰ্যালয় তৰফৰ পৰা যাতে জিলা খনত দুৰ্ঘটনা হ্ৰাস পায় তাৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি কেইবাখনো সজাগতা সভা আয়োজন কৰা পৰিলক্ষিত হৈছে ।
    যাতে সাধাৰণ জনতাৰ দুৰ্ঘটনা পৰা ৰক্ষা পৰে তাৰ বাবে জিলা পৰিবহণ বিষয়া কাৰ্যালয়ে গহপুৰ ,বিহালী, চতিয়া, বিশ্বনাথত এলানি সজাগতা সৃষ্টি কৰি আহিছে ।
    ইফালে যোৱা এপ্ৰিল পৰা অক্টোবৰ মাহলৈকে জিলা খনৰ বিভিন্ন যান বাহন জৰিমনা, কৰ ফাঁকি, যান-বাহন আইন উলংঘন কৰি কৰ পৰিশোধ নকৰা যান বাহনৰ বিৰুদ্ধে অভিযান চলাই ১৪ কোটি অধিক ৰাজহ সংগ্ৰহ কৰি এক অভিলেখ সৃষ্টি কৰা দেখা গৈছে বিশ্বনাথ জিলা পৰিবহন বিষয়া কাৰ্যালয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds