Monday, June 30, 2025
34.2 C
Guwahati
TOP NEWS:

১১ মাৰ্চ অসমীয়া জাতিৰ বাবে এটা ক’লা দিনঃ ডা৹ ভবেন চৌধুৰী

- Advertisement -
  • অসমীয়া ভাষা-সংস্কৃতি বিজেপিয়ে নিঃশেষ কৰিবলৈ অপচেষ্টা চলাইছেঃ ৰাজেশ শৰ্মা
  • ‘কা’ বাতিলকৰণৰ বাবে মাত মাতি যাব আম আদমি পাৰ্টীয়ে

গুৱাহাটীঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৃথক পৰিস্থিতিৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰি কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে ৰাজনৈতিক উদ্দেশ্যৰে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ বিধি বলবৎ কৰা কাৰ্যক আম আদমি পাৰ্টীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। অসমৰ জনতাৰ তীব্ৰ বিৰোধিতাৰ পাছতো অসমত ‘কা’ বলবৎ কৰাত তৎক্ষাণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দলৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে কয় যে আজিৰ দিনটো অসমৰ বাবে এটা ক’লা দিন হিচাপে ইতিহাসত চিহ্নিত হৈ ৰ’ব। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনটো যেনেকৈ অসমীয়াৰ বাবে এটা ক’লা দিন আছিল আৰু ইয়াৰ বাবে বদন বৰফুকনক আজিও দেশদ্ৰোহী বুলি ঘৃণা কৰে, থিক একেদৰে ২০২৪ চনৰ ১১ মাৰ্চৰ দিনটো ক’লা দিন হিচাপে মনত ৰাখিব। অসম-অসমীয়াৰ জাতীয় জীৱনলৈ সংকট কঢ়িয়াই এই সাম্প্ৰদায়িক ‘কা’ অসমৰ ওপৰত জাপি দিয়াৰ বাবে ভাৰতীয় জনতা পাৰ্টীক ভৱিষ্যত প্ৰজন্মই জাতিধ্বংসী বদন হিচাপে অভিহিত কৰিব।

আম আদমি পাৰ্টীৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মায়ো এই সন্দৰ্ভত টুইটাৰযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ ইচ্ছাৰ বিৰুদ্ধে গৈ ‘কা’ জাপি দিয়া কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই অঞ্চলৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতি মোডী চৰকাৰে ধ্বংস কৰিবলৈ অপচেষ্টা কৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰি তেওঁ লগতে কয় যে এই অঞ্চলৰ থলুৱা লোকসকলকে বসবাস কৰিবলৈ মাটি-ভেটি দিব নোৱাৰা বিজেপি চৰকাৰে বাংলাদেশী আৰু পাকিস্তানীক নাগৰিকত্ব দিবলৈ ওলাইছে। লাখ লাখ নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিব নোৱাৰা বিজেপি চৰকাৰে বিদেশৰ পৰা মানুহ আনি সংস্থাপিত কৰিবলৈ বিচাৰিছে।

https://fb.watch/qK_jTAA0WW/?mibextid=Nif5oz

Hot this week

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
34 ° C
34 °
34 °
60 %
0.9kmh
100 %
Mon
34 °
Tue
29 °
Wed
32 °
Thu
28 °
Fri
32 °