অসম আদৰ্শ বিদ্যালয় বৰপামত পেলনীয়া সামগ্ৰীৰে পুতলা বনোৱা কৰ্মশালা সম্পন্ন

অসম আদৰ্শ বিদ্যালয় বৰপামত পেলনীয়া সামগ্ৰীৰে পুতলা বনোৱা কৰ্মশালা সম্পন্ন।

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ . ১ এপ্ৰিল ঃ

অসম আদৰ্শ বিদ্যালয় বৰপামত আজি দিনজোৰা কাৰ্যসূচীৰে পুতলা বনোৱা আৰু ছবি অঁকা কৰ্মশালা অনুষ্ঠিত কৰা হয়। অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক নৃপেন বৰদলৈয়ে শুভাৰম্ভ কৰা কৰ্মশালাৰ আঁত ধৰে অধ্যক্ষ সঞ্জয় কলিতাই। বিশ্বনাথ চাৰিআলিৰ ক্ৰিয়েটিভ আৰ্টৰ স্বত্বাধিকাৰী দ্বীপেন দাস আৰু তেওঁৰ দলৰ সদস্যসকলে অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰপৰা অহা ডেৰশতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত ছবি অঁকা কৌশল সমূহ ব্যাৱহাৰিকভাৱে শিকাই দিয়ে।

তাৰোপৰি পেলনীয়া সামগ্ৰীৰে পুতলা কেনেকৈ বনাব পাৰি তাৰ ওপৰতো ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰে। ছবি অঁকা কৰ্মশালাত পূৰ্ণিমা বসুমতাৰী, বৰ্ণালী কুৰ্মী, আইমনী বৰা, মণিদ্বীপা দাস শইকীয়া, লিপিকা শইকীয়া, গিতাঞ্জলী কুৰ্মী, পূৰ্ণিমা বৰমুদৈ, হেমন্ত কেওঁট, প্ৰকাশ কেওঁট, ফিৰোজ খান আদি শিক্ষক সকলেও অংশগ্ৰহণ কৰে।

১ এপ্ৰিলৰ বিদ্যালয় শুভাৰম্ভৰ দিনটোত অসম আদৰ্শ বিদ্যালয় বৰপামে ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰহণ কৰা অগতানুগতিক কাৰ্যসূচী সমূহক ভূয়সী প্ৰশংসা কৰে দিলীপ বড়ো, দুধনাথ কুৰ্মী, লুৎফৰ ৰহমানৰ দৰে সচেতন সমাজকৰ্মী সকলে।

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Be the first to comment

Leave a Reply

Your email address will not be published.


*