এৰাবাৰীত পৰিণত শিৱসাগৰ নাজিৰা ৰে’লৱে ষ্টেচন

■ এবছৰে ৰোৱা নাই কোনো ৰে’ল, দিন হাজিৰা কৰিব লগা হৈছে ষ্টেচনত দোকান দি জীৱন নিৰ্বাহ কৰা দোকানী
■পাৰ্থ প্ৰতিম বৰুৱা, নাজিৰা, অসম খবৰঃ কৰোনা কালতে বন্ধ হৈ পৰা যাত্ৰীবাহী ৰে’লৰ চলাচল বৰ্তমানেও খুলি নিদিয়াৰ পৰিপ্ৰেক্ষিতত নাজিৰা ৰে’লৱে ষ্টেচন সম্প্ৰতি এৰাবাৰীত পৰিণত হৈছে। মাত্ৰ ৪ খন যাত্ৰীবাহী ৰেলৰ ষ্টপেজ থকা ষ্টেচনটোত বিগত এটা বছৰে কোনো ৰে’ল ৰোৱা নাই।

 

কিয়নো ৰাজ্যত এতিয়াও যাত্ৰীবাহী ৰে’লৰ চলাচল মুকলি কৰা হোৱা নাই। তেনেক্ষেত্ৰত যাত্ৰীসকলৰ লগতে ব্যৱসায়ী সকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।

উক্ত ষ্টেচনৰ সন্মুখত দোকান দি নিজৰ পৰিয়াল পোহপাল দি আহিছিল বহু কেইজনে, বৰ্তমান তেওঁলোকৰ জীৱিকাৰ পথ সলনি কৰি দিন হাজিৰা কৰিব লগা অৱস্থা হৈছেগৈ।

এতিয়া প্ৰশ্ন হয় ৰে’লেৰে অহা যোৱা কৰা যাত্ৰী সকলৰ লগতে স্থানীয় ব্যৱসায়ী সকলৰ সুবিধাৰ্থে চৰকাৰৰ তৰফৰ পৰা এই সমূহ ৰে’লৰ চলাচল কেতিয়া আৰম্ভ কৰিব সেয়া সময়তহে লক্ষণীয় হ’ব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*