সদ‍্যপ্ৰয়াত নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ ঘগ্ৰাপাৰৰ গৃহত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সমাজসেৱক মদন কলিতাৰ পৰিয়ালবৰ্গৰ প্ৰতি ৰাজ‍্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তসহ অগপৰ এটি সজাঁটি দলে আজি সন্ধিয়া ৭:৩০ মান বজাত সমবেদনা জ্ঞাপন কৰে ৷

মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ দিলীপ কুমাৰ দাস, তথ্য ও প্ৰচাৰ সম্পাদক ডাঃ তপন দাস,উপসভাপতি সুনীল ডেকা, অগপৰ ৰাজ‍্যিক কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ‍্য,নলবাৰী বিধান পৰিষদৰ সভাপতি নৰেন দাস,সম্পাদক মনোজ শৰ্মা, অসম যূৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জাহিৰ আলাম,অগপৰ নলবাৰী জিলাৰ উপসভাপতি আনন্দ কলিতা,অগপৰ ঘগ্ৰাপাৰ মণ্ডল পৰিষদৰ সম্পাদক হৰিনাথ লহকৰ, ঘগ্ৰাপাৰ আঞ্চলিকৰ সভাপতি গিৰীশ হালৈ,সম্পাদক ডিম্বেশ্বৰ হালৈ আদিক সংগ কৰি লৈ আজি সন্ধিয়া ভাগত প্ৰাক্তন বিধায়ক মদন কলিতাৰ ঘগ্ৰাপাৰস্হিত বাসভৱনলৈ গৈ পৰিয়াল বৰ্গৰ এক অসহনীয় দুখত সমভাগী হয় আৰু সমবেদনা জ্ঞাপন কৰে ৷

ইয়াৰোপৰি মানৱদৰদী সমাজসেৱক গৰাকীৰ প্ৰতি সদমৰ্মিতা প্ৰকাশ কৰি শোকবাৰ্তা এটি প্ৰেৰণ কৰে প্ৰাক্তন বিধায়ক গৰাকীৰ পত্নী চাৰুবালা কলিতা,পুত্ৰ ৰাজকুমাৰ কলিতা, কণ্যা অসীমা কলিতা,মুনমী কলিতাৰ হাতত ৷ইপিনে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সদ্য প্ৰয়াত মদন কলিতাৰ সুদীৰ্ঘ কালৰ কৰ্ম জীৱনৰ প্ৰতি কবলৈ গৈ তেওঁৰ একনিষ্ঠ সাধনা দায়িত্ববোধৰ কথা সোৱৰাই ৷মানুহৰ প্ৰতি থকা তেওঁৰ অপত্য স্নেহ মৰম ভাল পোৱাৰ কথা অকপটে স্বীকাৰ কৰে ৷উল্লেখ‍্য যে যোৱা ২২ জানুৱাৰীত নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ আকস্মিক ভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*