ধুবুৰীৰ মাক্ৰীঝোৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনাত বাইক আৰোহী আঁহত
ধুবুৰীৰ মাক্ৰীঝোৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনাত এজন বাইক আৰোহী আঁহত হয়।
জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথেৰে বাইক চলাই গৈ থকা অৱস্থাত বাইক আৰোহী জনক Single দিয়াত আৰোহী জনে তৎকালীন বাবে বাইক খন একে দিশৰ পৰা তীব্ৰ বেগী AS 17c 2300 নম্বৰ চাৰিচকীয়া বাহন এখন আহি বাইক খন খুন্দা মাৰাত বাইক আৰোহী জন গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।
উক্ত দুৰ্ঘটনা সংঘটিত হোৱা প্ৰত্যক্ষ কৰি ৰাইজে বগৰিবাৰী আৰক্ষী চকীত ফোন যোগে খবৰ দিয়াত ততালিকে ঘটনাস্থলীত উপ আৰক্ষী চকীৰ আৰক্ষীৰ দলে উপস্থিত হৈ আঘাতপ্ৰাপ্ত বাইক আৰোহী জনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ধুবুৰী হস্পিতাল লৈ প্ৰেৰণ কৰে আৰু দুৰ্ঘটনাত পতিত হোৱা চালক সহ চাৰিচকীয়া বাহন আৰু বাইক থানালৈ লৈ যায়।
বৰ্তমান গুৰুত্বৰ বাবে আঘাতপ্ৰাপ্ত হোৱা বাইক আৰোহী জনে ধুবুৰী হস্পিতালত চিকিৎসাধীন হৈ থকা পৰিলক্ষিত হৈছে।
বাইক আৰোহী জনৰ ঘৰ শালমাৰা ছাদ্দাম আলী (40) বুলি চিনাক্ত কৰা হৈছে।
ধুবুৰীৰ পৰা আলী আজাত ইছলামৰ
Leave a Reply