31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    আদৰ্শ মাৰ্কাজ একাডেমি বালিমুখৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষামূলক ভ্ৰমণ

    আদৰ্শ মাৰ্কাজ একাডেমি বালিমুখৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষামূলক ভ্ৰমণ


    প্ৰতিবেদক, মায়ং,১জানুৱাৰী-শিক্ষামূলক ভ্ৰমণে ছাত্ৰ ছাত্ৰীক শিক্ষা গ্ৰহণ কৰাত ক্ষেত্ৰত সৰল কৰি দিয়ে। ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত মৰিগাঁও জিলাৰ মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত আদৰ্শ মাৰ্কাজ একাডেমি বালিমুখৰ ৩৫ জন ছাত্ৰ-ছাত্ৰীক লৈ সম্পূৰ্ণ কভিড’প্ৰটকল মানি শিক্ষামূলক ভ্ৰমণলৈ লৈ যায় জাগীৰোড স্থিত নিজৰা পাৰলৈ। উক্ত স্থানত সকলো ছাত্ৰ-ছাত্ৰীক বিভিন্ন ধৰণৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰোৱাৰ লগতে পৰিবেশৰ বিষয়ে বিষদভাৱে পৰ্য্যালোচনা কৰাৰ লগতে গছগছনি কিয় আৰু কেনেকৈ সংৰক্ষণ কৰিব লাগে তাৰ উপৰোত বিদ্যালয়ৰ অধ্যক্ষ মোজাম্মেল হুছেইন আৰু সহ-শিক্ষক/শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰী সকলক বৃহৎ বাবে বুজাই কয় ৷ ক্ষেত্ৰভিত্তিক অধ্যায়নৰ শেষত এক প্ৰিতি ভোজৰ আয়োজন কৰে বিদ্যালয় কতৃপক্ষৰ ফালৰ পৰা ৷ অধ্যক্ষ মোজাম্মেল হুছেইনে কয় যে শিক্ষাৰ ক্ষেত্ৰত ভ্ৰমণ আৰু ক্ষেত্ৰভিত্তিক অধ্যয়ন দুয়োটাই ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অতিকৈ প্ৰায়োজনীয় যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে কিতাপত পোৱা কিছুমান বস্তু যেতিয়া নিজ চকুৰে দেখিব সেয়া সোনকালেই আয়ত্ত কৰাৰ লগতে অনুধাৱন কৰিব পাৰে আৰু ভ্ৰমণৰ জৰিয়তে বিভিন্ন ধৰনৰ শিক্ষাৰ লগতে নতুন নতুন অভিজ্ঞতা আহৰণ কৰিব পাৰে যাৰ বাবে শিক্ষামূলক ভ্ৰমণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অতি প্ৰয়োজনীয় বুলি কয় অধ্যক্ষ গৰাকীয়ে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds