পুথি অধ্যয়ন আৰু সংৰক্ষণ বিষয়ৰ সভা

পুথি অধ্যয়ন আৰু সংৰক্ষণ বিষয়ৰ সভা

পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ পুথিভঁৰালে পকাদ’লৰ শ্ৰীশ্ৰী লক্ষীকান্তদেৱ গোস্বামী মধ্য ইংৰাজী বিদ্যালয়ত আজি আয়োজন কৰে এখনি আলোচনা চক্ৰ তথা বক্তৃতা অনুষ্ঠান ৷

দুপৰীয়া ১২ বজাত অনুষ্ঠিত “পুথি অধ্যয়ন আৰু সংৰক্ষণ” শীৰ্ষক বিষয়ৰ আলোচনা চক্ৰত সঞ্চালকৰ আসন গ্ৰহণ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক অৰুণ কুমাৰ শইকীয়াই ৷পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ পুথিভঁৰালৰ সহায়ক মাধৱ বৰুৱাই আঁতধৰা সভাখনি উদ্বোধন কৰে পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক হেমাঙ্গ কুমাৰ নেওগে ৷আলোচনা চক্ৰৰ সমল ব্যক্তি তথা মূলবক্তা পূৰ্ণ বৰাই কয়” পুথি অধ্যয়নৰ অবিহনে মানুহৰ জ্ঞান গম্ভীৰ হ’ব নোৱাৰে ৷

এগৰাকী বিদ্যাৱন্ত আৰু সমাজ সংগঠকেহে উপলব্ধি কৰে পুথি সংৰক্ষণৰ মহিমা “৷ বিদ্যালয়খনৰ শিক্ষক,পৰিচালনা সমিতিৰ বিষয়ববীয়া ছাত্ৰছাত্ৰছাত্ৰী উপস্থিত থকা সভাত অংশগ্ৰহণ কৰে পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা প্ৰণালী শইকীয়া,সহকাৰী গ্ৰন্হগাৰীক জ্যোতিমনি শইকীয়া,সহায়ক সুশান্ত নেওগ আৰু অভিভাৱক- অভিভাবিকাই ৷আজি সভাত ছাত্ৰী ভিতালী শইকীয়াই আধুনিক গীত পৰিৱেশন কৰে ৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*