চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অভিভাৱক সভা অনুষ্ঠিত
অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৩ ডিচেম্বৰ ঃ
চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অভিভাৱক সভা অনুষ্ঠিত কৰা হয়। লকডাউনে বিধ্বস্ত কৰা শিক্ষা ব্যৱস্থাত শিশুসকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ ক্ষেত্ৰত অভিভাৱকৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিবলৈ বিশিষ্ট সমাজসেৱক গোপাল দাসৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয়।
চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধীৰেন বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ প্ৰায় চাৰিশতাধিক অভিভাৱক উপস্থিত থাকে।
পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত কৰা সভাখনত ছাত্ৰ-ছাত্ৰীৰ স্খলনৰ ওপৰত সহকাৰী প্ৰধান শিক্ষক সুশান্ত দাস, গণিতৰ শিক্ষক অশোক হাজৰিকাই অভিভাৱকৰ লগত মত বিনিময় কৰি বক্তব্য দাঙি ধৰে।
বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত অভিভাৱক, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মিলিত ত্ৰিভূজেহে সম্ভৱ কৰি তুলিব পাৰে বুলি মত ব্যক্ত কৰে।
ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিৰ হাৰ, হ’ম ৱৰ্ক, অমনোযোগিতাৰ ওপৰত দেৱকী ভাণ্ডাৰী, প্ৰজ্ঞা দাহাল, ৰবিউল হুছেইনে মতামত ব্যক্ত কৰি অভিভাৱকক অৱগত কৰে। অভিভাৱকৰ ফালৰপৰা শৈক্ষিক দিশৰ ওপৰত মোজামিল হক, পূৰবী দাস, অৰূপ কুমাৰ দাস, ৰণিতা ৰাভা, মনোৱাৰ হুছেইন, আজগৰ আলি, কিষাণ মুণ্ডা, ৰুমী বড়ো আদিৰ লগতে বহু কেইগৰাকী অভিভাৱকে শৈক্ষিক পৰিৱেশ উন্নতি কৰিবলৈ গঠনমূলক পৰামৰ্শ ৰাখি বক্তৃতা প্ৰদান কৰে।
সভাৰ শেষত সভাপতি গোপাল দাসে ২০১৪ চনত ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান পোৱা চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক সন্মান অটুট ৰাখিবলৈ শিক্ষক, কৰ্মচাৰী আৰু অভিভাৱক সকলোকে উমৈহতীয়া ভাবে আগবাঢ়ি যাবলৈ অনুৰোধ জনায়। উক্ত সভাত উপস্থিত থকা যাদৱ চন্দ্ৰ সাহা, ময়ূৰী কলিতা, অচ্যুত বৰাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
Leave a Reply