পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণ দাবীত প্ৰধানমন্ত্ৰী ,গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ
অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২১ ডিচেম্বৰ ঃ
ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে ৷
একে দাবীত আজিও সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়ে বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী ,গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷
Leave a Reply