মায়ঙত অবৈধ মাটি খননত ব্যৱহিত ট্ৰেক্টৰৰ দৌৰাত্মই ভাবুকি কঢ়িয়াই আনিছে

মায়ঙত অবৈধ মাটি খননত ব্যৱহিত ট্ৰেক্টৰৰ দৌৰাত্মই ভাবুকি কঢ়িয়াই আনিছে এখন বিদ্যালয়ৰ কন কন ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ


প্ৰতিবেদক, মায়ং,২০ডিচেম্বৰ :

মৰিগাঁও জিলাৰ মায়ঙ আৰক্ষী থানাৰ অন্তৰ্গত খলনী গাৱৰ বহু দিনৰে পৰা একাংশ ঠিকাদাৰে খলনীত থকা জে,বি,আৰ ইটা ভাটাত জে,চি,বি , ট্ৰেক্টৰ আৰু ডামম্পাৰে অঞ্চলটোৰ বিভিন্ন প্ৰান্ততৰ পৰা অবৈধ বাবে মাটি খনন কৰি যোগান ধৰি আহিছিল ইটা ভাটাত।ফলত খলনী গাৱৰ বিভিন্ন বাট পথ খাল বাম সৃষ্টি কৰি।

পশ্চিম খলনি প্ৰাথমিক স্কুলত ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণ কৰাত যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে।

এনেদৰে দিনে নিশাই অবৈধ খনন কাৰ্য্যত ব্যৱহিত ট্ৰেক্টৰ সমূহ বন্ধ কৰিবলৈ বাৰম্বাৰ বিভাগীয় কৰ্তী পক্ষক অনুৰোধ কৰি আহিছিল স্থানীয় ৰাইজ আৰু স্কুল কৰ্তী পক্ষই।

কিন্তু ৰাইজৰ বাধাক কেৰেপ নকৰি নিজৰ ব্যক্তিগত মুনাফাৰ বাবে একাংশই চলাই গৈছে ট্ৰেক্টৰ ড্ৰাম্পাৰ সমূহ।

অবৈধ মাটি খনন কাৰ্য কৰা ড্ৰাম্পাৰ,ট্ৰেক্টৰক আৰু জে,চি,পি অহা যোৱাৰ ফলত পশ্চিম খলনি প্ৰাথমিক বিদ্যালয়ৰ পথ য’তে ত’তে গাত আৰু ধূলি ময় পৰীক্ষা সৃষ্টি কৰাত প্ৰাথমিক বিদ্যালয় অহা যোৱা অসুবিধা সন্মুখীন হ’ব লগা হয়।

যাৰ বাবে আজিৰ দিনটোত হাতে হাতে ফ্লেকাৰ্ড লৈ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পশ্চিম খলনী প্ৰাথমিক বিদ্যালয়ৰ কন কন ছাত্র ছাত্রী সকলে।


অবৈধ মাটি খনন কাৰ্য কৰা ড্ৰাম্পাৰ,ট্ৰেক্টৰক আৰু জে,চি,পি কেতিয়া নাকি লগাব মৰিগাঁও জিলা বন বিভাগে।নে চকু মোদা কুলিৰ ভাও ধৰি থাকিব বন বিভাগে সেইয়া লক্ষণীয় হব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*