বিশ্বনাথত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী বাতিলঃ মন্ত্ৰী পীযুষ হাজৰিকাক কৃতজ্ঞতা জ্ঞাপন
অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ১৮ ডিচেম্বৰ ঃ
বিশ্বনাথৰ শিঙিমাৰীত অহা কালি হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰিলে সংখ্যালঘু সংগ্ৰাম পৰিষদে। খহনীয়া ৰোধৰ দাবীৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল সংগঠনটোৱে।
উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই খৰালিতো কাল ৰূপ ধাৰণ কৰিছে দক্ষিণ চতিয়াৰ শিঙিমাৰীত।
যোৱা কালি জলসম্পদ বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই বিশ্বনাথত উপস্থিত হৈ বিশ্বনাথ পানপুৰ মথাউৰিৰ লগতে উল্লেখিত অঞ্চলৰ খহনীয়াৰ সমস্যা শীঘ্ৰেই সমাধান কৰা হ’ব বুলি উল্লেখ কৰাৰ পিছতেই অহা কালি হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰে সংগঠনটোৱে।
ইতিমধ্যে কেইবা বাৰো বিশ্বনাথৰ গড়াখহনীয়া সমস্যাৰ সমাধান বিচাৰি জিলা উপায়ুক্তৰে আলোচনাত বহিছিল সংগঠনটোৱে।
Leave a Reply Cancel reply