পবিতৰা অভয়াৰণ্যৰ বন বিভাগে উদ্ধাৰ কৰে দুটা কৈ পৰিভ্ৰমী চৰাই
অসম খবৰ মায়ং,৪ডিচেম্বৰ :
মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰ ৰ অন্তৰ্গত চনকা অঞ্চলত উদ্ধাৰ হয় দুটা কৈ পৰিভ্ৰমী চৰাই।
শীত কালৰ আগমন হোৱাৰ লগে-লগে সাত সাগৰ তেৰ নদীৰ পাৰৰ পৰা বহু পৰিভ্ৰমী চৰাই পবিতৰা অভয়াৰণ্যৰ জলাশয় আৰু পবিতৰা অভয়াৰণ্যৰ দাতি কাষৰীয়া জলাশয় পকৰীয়া বিল,খলনি বিল চনকা অঞ্চলত পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়।পবিতৰা অভয়াৰণ্যৰ জলাশয় দেখিবলৈ পোৱা পৰিভ্ৰমী চৰাই চাবলৈ দেশী বিদেশী পৰ্যটকৰ আগমনে পবিতৰা অভয়াৰণ্য ভিৰ কৰেহি।কিছু দুষ্কৃতি কাৰীয়ে পৰিভ্ৰমী চৰাই নিধন কৰিব লৈছে।
এনে কিছু দুষ্কৃতি কাৰীয়ে মাঙয়ৰ চনকা ব্ৰহ্মপুত্ৰ বালিচৰত পৰিভ্ৰমী চৰাই নিধন কৰি আহিছে।পবিতৰা অভয়াৰণ্য বন বিভাগে গোপন সূত্ৰে গম পাই চনকা অঞ্চলৰ পৰা এজন দুষ্কৃতিকাৰীৰ পৰা দুটাকৈ পৰিভ্ৰমী চৰাই উদ্ধাৰ কৰা ৰ লগতে দুষ্কৃতিকাৰী এজন কৰায়ক্ত কৰিবলৈ সক্ষম হয়।
দুষ্কৃতিকাৰী জনৰ নাম ফৈয়জুল হক আৰু ঘৰ পাভকাটি গাঁৱৰ বুলি জানিব পৰা গৈছে।
Leave a Reply