২০২২ চনৰ প্ৰথম ভাগত বহিঃবিভাগৰ আৰম্ভ
নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ দক্ষিণগাঁওস্থিত নলবাৰী মেডিকেল কলেজৰ নিৰ্মীয়মাণ কাম ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয় আজি আবেলিভাগত আকস্মিকভাৱে পৰিভ্ৰমণ কৰি মেডিকেল কলেজখনৰ নিৰ্মাণকাৰী সংস্থাৰ বিষয়ববীৰ সৈতে এক বৈঠকত মিলিত হৈ অগ্ৰগতিৰ বুজ লয়।
পৰিভ্ৰমণ কালত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কয় যে নলবাৰী মেডিকেল কলেজৰ ২০২২ চনৰ প্ৰথমভাগত বহিঃবিভাগৰ কাম আৰম্ভ হ’ব।
মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্য বৰ্তমান অগ্ৰগতি ৭০ শতাংশ হোৱা বুলি উল্লেখ কৰাৰ লগতে মেডিকেল কলেজৰ বহিঃবিভাগৰ কাম আৰম্ভনি হোৱাৰ ৬ মাহ আগত নিয়ুক্তি প্ৰক্ৰিয়া আৰম্ভ হব বুলি সদৰী কৰে।
লগতে মন্ত্ৰী গৰাকীয়ে সদৰী কৰে যে উক্ত মেডিকেল কলেজত এতিয়ালৈ কোনো নিয়ুক্তি দিয়া হোৱা নাই ।
আৰু ভৱিষ্যতে কোনো ধৰণৰ কেজেৱেল নিয়ুক্তি দিয়া নহয় নহয় বুলি ঘোষণা কৰে।
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানে অসমত নিৰ্মান হৈ চাৰিখনকৈ মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰতা গতি অব্যাহত থকা বুলি ঘোষণা কৰে।
স্বাস্থ্যমন্ত্ৰী গৰাকীৰ আজি এই পৰিভ্ৰমণ কালত সংগ দিয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলাৰ উপায়ুক্ত গীতুমনি ফুকন,অগপ নেতা দিলীপ কুমাৰ দাস,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, গৌতম কষ্ট্ৰাচনৰ বিষয়ববীসকলৰ লগতে নলবাৰী স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী আদিয়ে।
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী
Leave a Reply