কৃষক বিদ্ৰোহৰ সমৰ্থনত ৰঙিয়াত চিআইটিইউৰ তীব্ৰ প্ৰতিবাদ

● প্ৰতিবেদক,ৰঙিয়া●

দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো আজি চি আই টি ইউৱে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। উক্ত কাৰ্য্যসূচীত কৃষক বিৰোধী কৃষি আইন বাতিল কৰক, শ্ৰমিক বিৰোধী শ্ৰম আইন সংস্কাৰ বন্ধ কৰক, ৰন্ধন কৰ্মীৰ মাননি ৬ হাজাৰ টকাকৈ বৃদ্ধি কৰক, নিৰ্মানৰ শ্ৰমিক আচনিৰ ধন বৃদ্ধি কৰক আদি শ্লো-গানেৰে ৰঙিয়াৰ আকাশ বতাহ কপাই তুলি প্ৰতিবাদ সাব্যস্ত কৰে।

নেতা-কৰ্মী সকলে ৰঙিয়া শ্ৰমিক ভৱনৰ পৰা চহৰৰ মাজেৰে ৰঙিয়াৰ মুখ্য ডাকঘৰৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰৰ ৩ খনকৈ কৃষি আইন বাতিলৰ দাবী জনাই আৰু চৰকাৰক সকীয়াই দিয়ে যে, যদি কৃষক বিৰোধী আইন বাতিল নকৰে অনাগত দিনত ইয়াতকৈ তীব্ৰতৰ আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে।

প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰি ৰঙিয়া সদৰ থানালৈ লৈ আনে। চি আই টি ইউৰ নেতা বিবেকানন্দ অধিকাৰীয়ে অনাগত দিনত চৰকাৰে কৃষক আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যহত থাকিব বুলি জনাই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*