শেহতীয়া আপডেটঃ

মৰিগাঁৱত স্বেচ্ছাসেৱী সহায় সংগঠন, প্ৰকৃতিপ্ৰেমী মঞ্চ দ্বাৰা লাচিত দিৱস উদযাপন

মৰিগাঁৱত স্বেচ্ছাসেৱী সহায় সংগঠন, প্ৰকৃতিপ্ৰেমী মঞ্চ দ্বাৰা লাচিত দিৱস উদযাপন

মৰিগাঁও,২৪ নবেম্বৰ:- মৰিগাঁৱৰ চাৰণ বিলৰ নৈসংগিক মনোৰম পৰিৱেশত ২৪ নবেম্বৰ দিনা প্ৰকৃতিপ্ৰেমী মঞ্চৰ উদ্যোগত আৰু সহায়ৰ সহযোগত অসমীয়া জাতিৰ শৌৰ্য্য-বীৰ্য্যৰ প্ৰতীকস্বৰূপ লাচিত বৰফুকনৰ ৩৯৯ সংখ্যক ওপজা দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে।

পুৱা ভাগৰ বন্তি প্ৰজ্বলন আৰু বীৰ লাচিতৰ প্ৰতিমূৰ্তিত মাল্যাপন কৰে চাৰণবিল জলক্ৰিয়া প্ৰকল্পৰ প্ৰশিক্ষক অনন্ত বৰঠাকুৰে।

বঘৰা অঞ্চলৰ শংকৰী কলা সংস্কৃতিৰ সাধক ঘনকান্ত ডেকাই গছপুলি ৰোপনেৰে আৰম্ভ হোৱা অনুষ্ঠানত নগাবন্ধা কনিষ্ঠ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰৱক্তা কমল চন্দ্ৰ ডেকাই সভাপতিত্ব কৰা মূল কাৰ্যসূচী উদ্বোধন কৰে মৰিগাঁও জিলা সাংবাদিক সংন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই৷

মুখ্য অতিথি হিচাপে ভাষণ আগবঢ়ায় প্ৰবীন সাংবাদিক অজিত শৰ্মাৰ লগতে চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰেখা গোঁহায়ে৷

এই অনুষ্ঠানতেই সাহিত্য সংস্কৃতি আৰু সমাজলৈ অনবদ্য অৱদান আগবঢ়োৱা ১৫ গৰাকী বিশিষ্ট লোকক লাচিত বৰণেৰে সম্বৰ্ধনা জ্ঞাপন কৰে আয়োজক সমিতিয়ে।

কবি দেবেন দাস, শব্দকল্পৰ সভাপতি লক্ষ্য জ্যোতি নাথ, ছাত্ৰ নেতা ললিত চন্দ্ৰ পাচনী, কৃষক নেতা তুলসী ডেকা, ভাস্কৰ্য শিল্পী উদ্ধৱ ডেকা, অভিনেতা ধন্তি ডেকা, প্ৰকৃতিপ্ৰেমী ক্ৰমে- ইন্দ্ৰ ৰাজা, পুলিন ডেকা, বসন্ত ডেকা, জোনমণি বৰদলৈ, ঘনশ্যাম বৰদলৈ, বাপধন ডেকা, সমাজ সেৱীকা বীণা হীৰা, সমাজ সংগঠক ৰাতুল ডেকা, কবি তথা প্ৰকৃতিপ্ৰেমী পাৰ্থপ্ৰতিম গৌতমকে আদি কৰি ১৫ গৰাকী ব্যক্তিক হস্তনিৰ্মিত কলম, ফুলৰ মালা, গামোচা, জাপি, সম্বৰ্ধনা পত্ৰ আদিয়ে লাচিত বৰণ কৰা হয়৷ প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰধান সম্পাদক হিতেশ শৰ্মা আৰু সহায়ৰ সভাপতি ৰাজু মহন্তই আঁতধৰা কাৰ্যসূচীত অঞ্চলটোৰ ভালে সংখ্যক লোকে অংশ গ্ৰহণ কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.