তেজপুৰ, ,23 নৱেম্বৰ :
তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰৰ বুকুত সোমাই পৰা ট্ৰাকখন আৰু দুয়োগৰাকী চালক হেণ্ডিমেনৰ তথ্য সদৰি কৰিছে তেজপুৰ আৰক্ষীয়ে।
শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে ১০ চকীয়া ট্ৰাক খন SAM Transport companyৰ আছিল ।
এই ট্ৰাক খনৰ NL01K3553 নম্বৰৰ ট্ৰাক খন ২১ নৱেম্বৰত ডিমাপুৰৰ পৰা বান্দৰদোৱালৈ ১৬ মেট্ৰিক টন লোহা ৰড কঢ়িয়াই আনিছিল। নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ট্ৰাকখন ।
নিখোজ হৈ থকা ট্ৰাক খনৰ চালক আছিল জামুগুৰি আগৰিপামৰ ৰাজীৱ বিশ্বকৰ্মা আৰু হেণ্ডিমেনজন বিহালী ৰঙাচালিৰ অমিত ডনাৰ ওৰফে লুতে বুলি চিনাক্ত হৈছে ট্ৰাকৰ ভিতৰত পোৱা এটা বেগৰ পৰা উদ্ধাৰ হৈছে তেওঁলোকৰ নথি পত্ৰ ।
আনহাতে GPS location অনুসৰি সোমবাৰে পুৱতি নিশা ১:০৯ বজাত ট্ৰাক খন কলিয়াভোমোৰা দলঙৰ ওপৰত আছিল।
আনহাতে উদ্ধাৰ কাৰ্য্যত এনে ডি আৰ এফ, এছ ডি আৰ এফ য়ে উক্ত চালক আৰু হেণ্ডিমেনৰ সন্ধানৰ বাবে । ভাৰতীয় সেনাৰ ডুবাৰো নদীত সন্ধানত নামি পৰিছে ।
আজি বিয়লি ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
ঘৰৰ লৰা ঘৰলৈ ঘুৰি আহিব আশাত বন্দী মাতৃ :
বন্তি জ্বলাই অপক্ষাত দুমগীয়া মাতৃ
তেজপুৰ কলিয়াভোমোৰা দলঙৰ ট্ৰাকৰ উদ্ধাৰ
চালসহ হেণ্ডেমেন সন্ধানহীন ।
শোকৰ ছাঁ বিহালী কমাপুখুৰী হেণ্ডেমেন অমিত সোণাৰ ঘৰৰ পৰিৱেশ ।
উল্লেখযোগ্য যে ২১ তাৰিখে পুৱতি নিশা তেজপুৰ কলিয়াভোমোৰা দলঙত এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল।
তীব্ৰ বেগী ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি নদীত পৰিছিল।
ট্ৰাক খনৰ চালক ৰাজীৱ বিশ্ব কৰ্মা আৰু হেণ্ডেমেন অমিত সোণাৰী পৰিচয় পত্ৰ উদ্ধাৰ হৈছে।
ইফালে হেণ্ডেমেন অমিত সোণাৰী বাসগৃহ বিহালী কমাপুখুৰীত এক হুৱদুৱা পৰিৱেশ দেখা গৈছে।
ইফালে হেণ্ডেমেন অমিত সোণাৰী মাতৃ যে পুত্ৰ ঘৰলৈ ঘুৰি আহিব বুলি প্ৰকাশ কৰা লগতে ভগৱানৰ ওচৰত বন্তি জ্বলাই অপক্ষাত আছে পিতৃ মাতৃ পৰিয়াল।
Leave a Reply