ঘগ্ৰাপাৰ হাইস্কুলত অৱসৰপ্রাপ্ত প্ৰধান শিক্ষকৰ ব্যতিক্ৰমী পদক্ষেপ /ছাত্ৰ -ছাত্ৰীৰ নামত উসৰ্গিত পুথিভঁৰাল আৰু সংগ্ৰাহালয় মুকলি VIDEO

অৱসৰ পোৱাৰ পিছত বৰ্তমান সময়ত একাংশ লোকে নিজৰ কৰ্মস্থলীৰ লগত সম্পৰ্ক নাৰাখি নিজক লৈ ব্যস্ত থকা প্ৰৱণতা চলি থকাৰ সময়তে ঘগ্ৰাপাৰ হাইস্কুলত এগৰাকী অৱসৰ প্রাপ্ত প্ৰধান শিক্ষকে এক ব্যতিক্ৰমী পদক্ষেপ লোৱাত সমগ্ৰ অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে।

১৯৯৯ চনত ঘগ্ৰাপাৰ হাইস্কুলৰ পৰা তাৰা নাথ শৰ্মাই প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰি বিভিন্ন শৈক্ষিক দিশৰ ওপৰত মনোনিবেশ কৰি বিভিন্ন একাংশ নাটক, কবিতা পুথি, উপন্যাস লিখি ৰাইজৰ মাজত কাম কৰি আহিছে। আজি ঘগ্ৰাপাৰ হাইস্কুলত “তাৰা নাথ শৰ্মা পুথিভঁৰাল আৰু সংগ্ৰহলয়” ছাত্ৰ ছাত্ৰী তথা শিক্ষক সকললৈ মুকলি কৰে ।

নিজে ৰচনা কৰা কেইবাখনো মূল্যবান গ্ৰন্থ আৰু তেখেতৰ হাতত থকা বহু মূল্যৱান পুথি ঘগ্ৰাপাৰ হাইস্কুলত মুকলি কৰা পুথিভঁৰাল আৰু সংগ্ৰহলয়ত উসৰ্গিত কৰে।

ঘগ্ৰাপাৰ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাথু ৰাম তালুকদাৰে আঁত ধৰা আজিৰ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি জগত তালুকদাৰ আৰু উপসভাপতি ৰাতুল চন্দ্ৰ ডেকাৰ লগতে শিক্ষক কৰ্মচাৰী সকল। আনহাতে হাইস্কুল খনতে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তাৰা নাথ শৰ্মাই নিজৰ ধনেৰে ছাত্ৰ ছাত্ৰীৰ বাবে এক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাৰ বাবে মতপোষণ কৰে।

ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*