বিশ্বনাথৰ নাহৰণি প্ৰজাবস্তিত প্ৰজা সমাজৰ দ্বি-বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

 

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ, ৭ নবেম্বৰ

ঃ সদৌ অসম প্ৰজা সমাজৰ সাকোমঠা আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰজা সমাজৰ দ্বি-বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি অতি উলহমালহেৰে পালন কৰা হয় ৷

নাহৰণি প্ৰজাবস্তিত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আৰম্ভণিতেই প্ৰজা সমাজৰ পুৰোহিত মাই প্ৰজাৰ দ্বাৰা শ্বহীদ তৰ্পন , বন্তি প্ৰজ্বলন কৰা হয় ৷

তৎপশ্চাত সাকোমঠা আঞ্চলিক প্ৰজা সমাজৰ সভাপতি শিৱনাথ প্ৰজাই পতাকা উত্তোলন কৰে ৷

ইয়াৰ পাছত শাখা সমিতি নাম আৰু বিষয়ববীয়াৰ নাম পঞ্জীয়ন কৰে ৷ ইয়াৰ উপৰিও প্ৰজা সমাজৰ শিক্ষা সম্পাদক গৌতম প্ৰজাই শিক্ষাৰ্থী সকলক উদ্দেশ্যি শৈক্ষিক শিক্ষামুলকৰ বিভিন্ন দিশসমুহ আলোচনা কৰা হয় ৷দিনৰ ১২ বজাৰ লগে লগে সাকোমঠা আঞ্চলিক প্ৰজা সমাজৰ সভাপতি শিৱনাথ প্ৰজাৰ সভাপতিত্বত মুলসভা অনুষ্ঠিত হয় ৷কাৰ্যসুচী অনুসৰি বিশিষ্ট অতিথি সকলৰ চিনাকী পৰ্ব আৰু সম্বৰ্ধনা পৰ্ব সম্পন্ন হয় ৷

এই অনুষ্ঠানতেই সমাজৰ বিগত বৰ্ষৰ কাৰ্যবিৱৰণি পাঠ কৰাৰ লগতে সমাজৰ আৰ্থ সামাজিক , শৈক্ষিক , সাংস্কৃতিক আৰু সামাজিক দিশৰ ওপৰত আলোচনা কৰা হয় ৷ বক্তা হিচাবে বিশ্বনাথ জিলা কাৰ্বি জাতীয় সংহতি মঞ্চৰ সভাপতি যোগেন ৰংহাং , সাংবাদিক গোলাম ৰচুল আলি জলহা বালিচাং পঞ্চায়তৰ সভানেত্ৰী দিপালী দেৱী ,শিক্ষক হৰিপ্ৰসাদ শৰ্মাকে প্ৰমুখ্য কৰি কেইবাগৰাকী বক্তাই উপস্থিত থাকি সাৰগৰ্ভ বক্তব্য আগবঢ়াই ৷

বিশিষ্ট অতিথি হিচাবে প্ৰজা সমাজৰ কেন্দ্ৰীয় আৰু জিলা প্ৰতিনিধি সকলে অংশ গ্ৰহন কৰে ৷অনুষ্ঠানত গীত নৃত্যও পৰিবেশন কৰা হয় ৷

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই সাকোমঠা আঞ্চলিক প্ৰজা সমাজৰ সম্পাদক অক্ষীত প্ৰজাই ৷ প্ৰজা সমাজৰ প্ৰায় শতাধিক প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰে ৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*