নতুন দিল্লীঃ শনিবাৰে সমগ্ৰ দেশতে একেৰাহে চতুৰ্থ দিনৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হয়। শনিবাৰৰ দিনটোত গুৱাহাটীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৩.২৩ টকালৈ বৃদ্ধি পায়। ০.৩৫ টকা বৃদ্ধিৰে দেশৰ ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৭.২৪ টকালৈ বৃদ্ধি হয় আৰু ডিজেলৰ মূল্য একে পৰিমাণে প্ৰতি লিটাৰত ৯৫.৯৭ টকালৈ বৃদ্ধি হয়। মুম্বাইত শনিবাৰে প্ৰতি লিটাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমান্বয়ে ১১৩.১২ টকা আৰু ১০৪.০০ টকা। কলকাতা আৰু চেন্নাইৰ ক্ষেত্ৰত, কলকাতাত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমান্বয়ে ১০৭.৭৮ টকা আৰু ৯৯.০৮ টকা, চেন্নাইত ১০৪.২২ টকা আৰু ১০০.২৫ টকা হৈছেগৈ। সমগ্ৰ দেশতে শনিবাৰৰ দিনটোত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হৈছে। এই মূল্যবৃদ্ধি মূল্য-সংযোজন কৰৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যভেদে পৃথক হৈছে। দেশত বৰ্ধিত ইন্ধনৰ মূল্য তৎক্ষণাৎ হ্ৰাস হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে তেলৰ যোগান আৰু চাহিদা সন্দৰ্ভত কেইবাখনো তেল ৰপ্তানিকাৰী দেশৰ সৈতে আলোচনা কৰি আছে বুলিও জনাইছে। কিন্তু অত্যাধিক মূল্যবৃদ্ধি ক্ষেত্ৰত জনসাধাৰনে তাৎক্ষণিক সকাহ পোৱাৰ কোনো সম্ভাৱনা নাই।
যোৱা সোমবাৰে প্ৰকাশিত হোৱা এক খবৰ অনুসৰি পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে শেহতীয়াকৈ মূল তেল উৎপাদনকাৰী দেশসমূহলৈ তেলৰ মূল্য নিৰ্ধাৰণ, যোগান আৰু চাহিদাৰ বিষয়টো সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে পেট্ৰ’লিয়াম মন্ত্ৰালয়ে চৌদি আৰৱ, কুৱেইট, ৰাছিয়া আদি বহুতো তৈলক্ষেত্ৰ দেশৰ শক্তি মন্ত্ৰালয়ক মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবেও আহ্বান জনাইছে।
Leave a Reply