বিশ্বনাথ চাৰিআলি ১৭ অক্টোবৰ :
বিশেষ ভাবে সক্ষম সাহসী যুৱতী প্ৰীঞ্চি গগৈক অপহৰণৰ যি অভিযোগ গহপুৰৰ এগৰাকী যুৱকৰ বিৰুদ্ধে উত্থাপিত হৈছে তাক নস্যাৎ কৰিছে গহপুৰৰ ঘাঁহিগাঁৱৰ যুৱক পৰাগ দাসে।
১৬ অক্টোবৰত ঘাঁহিগাঁও আৰক্ষী চকীৰ গোচৰৰ পাছতে যুৱতী গৰাকীক পৰিয়ালৰ লোকে নিজ গৃহলৈ উভতাই নিয়ে।
কি কাৰণত প্ৰীঞ্চি গগৈয়ে তেওঁৰ বিৰুদ্ধে অপহৰণৰ গোচৰ তৰিলে সেই বিষয়ে পৰাগ দাস জ্ঞাত নহয়। তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ কিছু প্ৰমাণো তেওঁৰ লগত আছে বুলি কয় কৰে পৰাগ দাসে।ইফালে গহপুৰত প্ৰেমিক ঘৰত এটা মন্তব্য আৰু গুৱাহাটীত আন এটা মন্তব্য ই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে বিশ্বনাথত ।
ইফালে এই সমগ্ৰ ঘটনাটো এক উচিত তদন্ত দাবী কৰিছে সচেতন মহলে।
Leave a Reply Cancel reply