শেহতীয়া আপডেটঃ

আৰুণি কাশ্যপৰ নৱতম সৃষ্টিঃ এক আনুভূতিক ইতিহাস”মৰমৰ বাবা,

তোক লৈ আশাবোৰ বাৰুকৈয়ে দ’মাইছোঁঃতই ভাল হ’বি, পৰীক্ষাত ভাল কৰি কটনত পঢ়িবি,ডাঙৰ আমোলা হৈ ঘৰলৈ যেতিয়া আহিবি ৰঙা লাইটৰ সুহুৰিৰে গাওঁখন জগাই তুলিবি।”- বাবাই পঢ়ে, আশাবোৰ প্ৰগাঢ় হৈ ঊৰ্দ্ধমুখী গতি লভে। সোণাপুৰৰ কণমানি বাবাই খোজ দিয়ে বিশ্বনাগৰিক হোৱাৰ দিশে।

আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু সৃষ্টিশীল লিখন বিষয়ৰ অধ্যাপক আৰুণি কাশ্যপেই সেই বাবা, যাৰ বলিষ্ঠ কলমে ইংৰাজী আৰু অসমীয়া উভয় সাহিত্যৰ ক্ষেত্ৰলৈ প্ৰভূত বৰঙণি আগবঢ়াই অসম মাতৃক গৌৰৱান্বিত কৰিছে।মামণি ৰয়ছম গোস্বামীৰ “থেং ফাখ্ৰী তহছিলদাৰৰ তামৰ তৰোৱাল”ৰ ইংৰাজী অনুবাদ,” “নৈখন এতিয়া দূৰৈত,” “His Father’s Disease,” “The House with a Thousand Stories” ইত্যাদি মৌলিক গ্ৰন্থৰ জৰিয়তে পাঠক সমাজত বহুলভাৱে সমাদৃত হোৱাৰ লগতে তেখেত বহুকেইটা  বিদেশী পুৰষ্কাৰেৰেও সন্মানিত হৈছে। শেহতীয়াকৈ প্ৰকাশিত “There is no Good Time for Bad News” কবিতা পুথিৰ বাবে FutureCycle Poetry Book Prize লাভ কৰি তেখেত বহুলভাৱে জনপ্ৰিয় হৈ পৰিছে।

“There is no Good Time for Bad News.” সঁচাকৈয়ে দুঃসংবাদৰ বাবে কোনো শুভ লগন নাই। ভাৰতবৰ্ষৰ মূল ভূ-ভাগৰপৰা ভৌগোলিকভাৱে পৃথক  উত্তৰ পূৰ্বাঞ্চল প্ৰাকৃতিক দূৰ্যোগ, আভ্যন্তৰীণ হিংসা আৰু বহিঃশত্ৰুৰ আক্ৰমণৰ দৰে কাৰকৰদ্বাৰা আজন্ম ভাৰাক্ৰান্ত। উদাহৰণস্বৰূপে, ১৯৭৯ চনত অসম তথা উত্তৰ পূৰ্বাঞ্চলত গা কৰি উঠা বিচ্ছিন্নতাবাদী শক্তিসমূহে ঘটোৱা নানানটা বিক্ষিপ্ত ঘটনা আৰু ইবিলাকক কঠোৰ হাতেৰে দমনৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰখনে মোতায়ন কৰা ভাৰতীয় সেনাৰ মানৱতাবিবৰ্জিত আচৰণবিধিয়ে জনজীৱন দুৰ্বিসহ কৰি তুলিছিল। আইনৰ শাসন প্ৰতিষ্ঠাকেই উপৰিপাতন কৰি অতলত স্নেহৰহিত পৈশাচিক ক্ৰিয়াকলাপৰ আখৰা চলিছিল। জাতি-জনগোষ্ঠীৰ মিলনৰ ৰামধেনুৰপৰা ধাৰলৈ আনিছিল ৰক্তিম চেঁকুৰা আৰু ছটিয়াই দিছিল অসমীৰ বুকুত; তোৰ মোৰ বুকুৰ বঙিয়াটি ক’লা মেকুৰীয়ে কাটিছিল। পাহাৰত নিনাদিত খংবোৰ চিটিকি পৰিছিল ভৈয়ামৰ দূৰণিবটীয়া খুৰীদেউৰ চোতালত বীভৎস হেঙুলীয়া হৈ।

এই কাব্যগ্ৰন্থখনি সহজ সৰল এদল জনতাৰ আনুভূতিক ইতিহাস। বস্তুনিষ্ঠ ইতিহাসে বোজা ব’ব নোৱাৰা অথচ কলিজাৰ কেঁচা তেজত প্ৰোথিত আৰু “ককাদেউতাৰ হাড়”ত সংৰোপিত এই আন্তৰিক গাঁথাই উপস্থাপন কৰে এখিনি “জংঘলী মানুহ”ৰ বিৱৰ্তনৰ এঘড়ী মন্বন্তৰ। “প্ৰধানমন্ত্ৰীৰ হাত”ৰ চিয়াঁৰে কৰে তাৰ সূচনা। “মানৱ” ধাৰণাৰ ডাইচেক্সন হৈ যেতিয়া উৰ্বৰ মস্তিষ্কৰ লঘূতা উন্মোচিত হয়, নিমাখিত প্ৰাণবোৰে চকামকা দেখে; বুটৰ গিৰিপনিত কাণবোৰ গধুৰ হয় আৰু বুকুৰ তানবোৰ হৈ পৰে শিথিল। হাজাৰখন উপন্যাসৰ অযুতাযুত তত্ত্বয়ো দিব নোৱাৰে অমৃত্যুৰ আমোঘ মন্ত্ৰ। পূৱৰ দেশৰ সপ্তকিৰণৰ উদয়ক্ষণত সন্মোহন গীতি বাজে, যেন মৰূদ্যান বিচাৰি অন্তহীন অন্বেষণ- মায়া, সকলো মৰীচিকা। ৰূঢ় বাস্তৱে মাথোঁ দি যায় সাতভনী ধৰ্ষিতা হোৱাৰ কৰুণ বতৰা- হয়তোবা সেনাৰ হাতত, অথবা নেতা-আমোলাৰ কলমৰ আঁকত। সিহঁতৰ স্বাভিমান মাথোঁ হতাশা, স্বাধীনোত্তৰ স্বাধীনতা এক অন্তহীন প্ৰতীক্ষা।

বিদেশী ভাষাত আপোন কাপ-মৈলামেৰে মালিতা গঁঠা কবি কাশ্যপৰ কবিতা বিশ্বমঞ্চত এক নৱীকৃত পৰিৱেশন। বিস্তৰ অধ্যয়নেৰে পৰিপোষিত কাহিনীকাৰ কবিৰ কবিতাত অসমীয়া ঠিকনা আৰু ব্যঞ্জনা দুয়োটাই বিদ্যমান। অগ্নিকবি কমলাকান্তৰ ফিৰিঙতিৰে উদ্দীপিত কবিয়ে চিঞৰি চিঞৰি কয়, “What is the function of washermen in a country of nudes?” (উলঙ্গ দেশত কাম কি ধোবাৰ?) এজৰা পাউণ্ড আৰু হেম বৰুৱাৰ সুৰতেই সুৰ মিলাই কবিয়ে লিখে আঁজলী মাতৃৰ আশাব্যঞ্জক চিঠি। কবি বিৰিঞ্চি ভট্টাচাৰ্যৰ অনুকৰণতেই লিখে স্বাধীনতাপিয়াসী গান। অসমীয়া আত্মাৰ সঞ্জীৱনী ঢালি এই ন-কবিয়ে বিশ্বনাগৰিকক এনেকৈয়ে দিয়ে সেউজ জীৱনৰ জ্ঞান, বিশ্বক জিনিবলৈ অক্ষত আনুভূতিক  সোপান।

উত্তম বৰুৱা সহকাৰী অধ্যাপক,

ইংৰাজী বিভাগ

শিৱসাগৰ মহাবিদ্যালয়

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.