31.3 C
Guwahati
Wednesday, November 12, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙাপৰা পুষ্টি বৰ্ধনম সেৱাৰে আদৰিলে ২২ টা পুষ্টিহীনতাত ভোগা শিশু

    ■ দেশৰ প্ৰত্যেকজন শিশুৱে নিৰোগী হৈ সুস্থ শৰীৰৰে জীয়াই থাকিব লাগিব। আজিৰ শিশুসকলে এদিন দেশখনক আগুৱাই লৈ যাব। শিশুসকল যাতে পুষ্টিহীনতাত নোভোগে তাৰ বাবে সমাজৰ প্ৰতিজন নাগৰিক সজাগ আৰু সচেতন হ’ব লাগিব। শিশুসকল সুস্থ থাকিলেহে দেশখন সমৃদ্ধিশালী হ’ব। এজন ব্যক্তি অসুস্থ হৈ থাকিলে সমাজ কেতিয়াও পৰিবৰ্তন নহয়। এই মন্তব্য কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে।

    শোণিতপুৰ জিলাৰ ৰঙাপৰাত জিলা সমাজ কল্যাণ বিভাগৰ দ্বাৰা অনুষ্ঠিত হোৱা প্ৰথমখন পুষ্টি বৰ্ধনম অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি সাংসদ দাসে লগতে কয়- শিশুসকলে যাতে পুষ্টিহীনতাত নোভুগে, সময়ত পুষ্টিকৰ খাদ্য লাভ কৰে তাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে সমাজ কল্যাণ বিভাগৰ দ্বাৰা পোষণ মাহ পালন কৰি আহিছে। শোণিতপুৰ জিলাত পুষ্টিহীনতাত ভুগি থকা শিশুসকলক পুষ্টিহীনতাৰ পৰা দূৰ কৰিবলৈ ব্যক্তি সকলক আজি আগবাঢ়ি অহাটো সমাজৰ বাবে অতি শুভ লক্ষণ।সমাজ আৰু দেশখনক সকলোৱে মিলিজুলি আগুৱাই লৈ যাব লাগিব।

    ৰাজ্যখনত কোনো শিশুৱে যাতে পুষ্টিহীনতাত নোভোগে তাৰে বাবে ৰাজ্য চৰকাৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
    ৰঙাপৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া মাহমুদা বেগমে অনুষ্ঠান উদ্দেশ্য ব্যাখ্যাত কয় যে, ৰঙাপৰা অঞ্চলত মুঠ ২২ জন শিশু পুষ্টিহীনতাত ভুগি আছে। ইয়াৰে ভিতৰত ৭ জন অত্যাধিক পুষ্টিহীনতাত ভুগি আছে। পুষ্টিহীনতাত ভুগি থকা শিশুসকলক অংগনবাদী কেন্দ্ৰৰ কৰ্মীসকলৰ দ্বাৰা ওজন পৰীক্ষাৰে চিনাক্তকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। পুষ্টিহীনতাত ভুগি থকা শিশুসকলক আদৰি লোৱা ব্যক্তি সকলৰ দ্বাৰা উপকৃত হয় সেই উদ্দেশ্যেৰে অসমত প্ৰথমবাৰৰ বাবে ৰঙাপৰাত পুষ্টি বৰ্ধনম সেৱা আঁচনিখন অনুষ্ঠিত কৰা হৈছে।

    ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ভাষণ প্ৰসঙ্গত কয়, শোণিতপুৰ জিলাৰ চাহ বাগিচা অঞ্চলত প্ৰসূতি আৰু শিশুৰ মৃত্যু হাৰ বেছি। গৰ্ভৱতী মহিলাসকলে যথাসময়ত কি কি খাদ্য খালে গৰ্ভধাৰণ কৰা শিশুটি সুস্থ থাকিব, জন্ম হোৱাৰ পাছত মাতৃসকলে শিশুটিক কেনেধৰণৰ পুষ্টিকৰ খাদ্য খুৱাব তাৰ সন্দৰ্ভত বহু মহিলা সজাগ বা সচেতন নহয়। এজন শিশুক মাতৃসকলৰ লগতে পালিত লোকসকলেও আদৰ-সাদৰ অধিক কৰে। ৯০ দিনত এটা শিশুক সুস্থ কৰাৰ আমাক যি দায়িত্ব দিছে সেয়া আমাৰ বাবে সৌভাগ্য বুলি তেখেতে মন্তব্য কৰে।

    শিশুসকলক সুস্থ দেহাৰে গঢ়ি তুলিব লাগিব। কাৰণ আজিৰ শিশুসকলক কাইলৈ দেশৰ একো একোজন ভৱিষ্যৎ নাগৰিক। শিশু যাতে উপযুক্ত খাদ্য আৰু শিক্ষা লাভ কৰে তাৰ প্ৰতি সকলোৰে দায়িত্ব আছে। বৰ্তমানৰ সময়ত মানুহৰ প্ৰতি মানুহে দায়িত্ব লব। এজন ছাত্রই ধনৰ অভাৱত পঢ়িব নোৱাৰিলেও ছাত্রজনক উপযুক্ত শিক্ষা দিয়াত ৰাইজে দায়িত্ব লোৱাটো আমাৰ কৰ্তব্য।অনুষ্ঠানটিত জিলা সমাজ কল্যাণ বিষয়া দিপ্তী মৰাণ, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰিণ,চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অদিতি গগৈ,ৰঙাপৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মুনিন দলে,ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবেন বৰা আদি উপস্থিত থাকে।

    Via By: Assam | News
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds