Wednesday, July 9, 2025
29.7 C
Guwahati
TOP NEWS:

টাটা গ্রুপৰ মালিক ৰতন টাটাৰ এখন বিশেষ চিঠি, কিয়, কাৰ বাবে, কি লিখা আছে এইখন চিঠিৰ মাজত!

ধনাঢ্য এইগৰাকী নামী উদ্যোগপতি ৰতন টাটাই কি লিখিছিল?

- Advertisement -

■ কলিকতাৰ এগৰাকী যুৱক। যুৱকজনৰ এনে এটা দিন আছিল, যেতিয়া তেওঁৰ পকেটত মাত্ৰ ২,৫০০ টকাহে আছিল। তেওঁ সেই টকাৰে চেণ্ডউইচ ব্যৱসায় আৰম্ভ কৰিছিল। বৰ্তমান এইজন যুৱক সকলোৰে বাবে আদৰ্শ। এতিয়া তেওঁ সেই ব্যৱসায়ৰ পৰা উপাৰ্জন কৰি বহু লাখ টকাত উপনীত হৈছে। মাত্ৰ কেইবছৰমানৰ ভিতৰতে, কলকাতাৰ ২৬ বছৰীয়া যুৱক ছিয়ন চক্ৰৱৰ্তীয়ে বহুদূৰ আগবাঢ়িছে তেওঁ নিজ ব্যৱসায়ত।

তেওঁ কেনেকৈ এই পথ অতিক্ৰম কৰিছিল? চিয়ানে তেওঁৰ লিখিত এখন আত্মজীৱনী মূলক গ্ৰন্থত এই প্ৰশ্নটোৰ উত্তৰ দিছে। তেওঁৰ আত্মজীৱনী শেহতীয়াকৈ বাংলা আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰকাশ হ’ব। কিতাপখনত তেওঁ কেনেকৈ ষ্টাৰ্টআপ ব্যৱসায়ত সফল হৈছে তাৰ বিৱৰণ দিছে। কিতাপখন সবিশেষ উদ্যোগপতি ৰতন টাটাৰ হাতত পৰিছে। কিতাপখন বিষয়ে জানি ৰতন টাটা ইমানেই অভিভূত হৈ পৰে যে, তেওঁ তাৎক্ষণিক ভাৱে ছিয়নলৈ এখন চিঠি লিখি পঠিয়াই।

ধনাঢ্য এইগৰাকী নামী উদ্যোগপতি ৰতন টাটাই কি লিখিছিল?

File Photo

‘আপোনাৰ কথা শুনি মই অত্যন্ত সুখী আৰু গৌৰৱান্বিত,’ তেওঁ ছিয়নলৈ এটা ইমেইলত এনেদৰে লিখিছিল। আপুনি যি ধৰণে ব্যৱসায়িক ইচ্ছা বজাই ৰাখিছে আৰু সফল হৈছে তাৰ দ্বাৰা মই অভিভূত। কিন্তু সেইখিনিয়ে সকলো নহয়। ছিয়ানক অভিনন্দন জনাই ৰতন টাটাই কয় যে, তেওঁৰ আশা এদিন ছিয়ানক লগ পোৱাৰ ইচ্ছা।

ছিয়ানে সামাজিক মাধ্যমৰ যোগেদি ৰতন টাটাৰ ইমেইলৰ এখন ফটো শ্বেয়াৰ কৰিছিল। যুৱ ব্যৱসায়ী গৰাকীয়ে কয় যে, তেওঁ ৰতন টাটাক কম বয়সৰ পৰাই তেওঁৰ আদৰ্শ হিচাপে গণ্য কৰি আহিছে। তেওঁৰ মতে, ৰতন টাটাৰ পৰা পোৱা চিঠিখন জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ দিন।

File Photo

ছিয়ানে লিখা কিতাপখন এই বছৰৰ চলিত অক্টোবৰত মাহত পেৰিছত প্ৰকাশ পাব। ডিচেম্বৰৰ মাহৰ পৰা দেশৰ পঢ়ুৱৈসকলৰ হাতত কিতাপখন উপলব্ধ হ’ব।

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
92 %
2.2kmh
100 %
Wed
27 °
Thu
33 °
Fri
33 °
Sat
33 °
Sun
29 °