গান্ধী জয়ন্তী উপলক্ষে- জাতিৰ পিতালৈ শ্ৰদ্ধা

✍️ৰাজশ্ৰী সেনাপতি গগৈ,
ডিব্ৰুগড়

আমি সকলোৱে জ্ঞাত যে গান্ধী জয়ন্তী কিয় পালন কৰা হয় ? আমি জানা মতে গান্ধীজীৰ অৱদানক মনত ৰাখি গোটেই দেশতে গান্ধী জয়ন্তী পালন কৰা হয়।

২ অক্টোবৰ। তেওঁৰ জন্ম দিন। গান্ধীজীক সমগ্ৰ দেশবাসীয়ে বা সমাজে যে আদৰ কৰে আমি সকলোৱে অৱগত। তেওঁ অহিংসাৰ নীতিৰ যুদ্ধৰে স্বাধীনতা কাৰণে যুদ্ধ কৰিলে। এই কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আজিৰ নৱপ্ৰজন্ময়ো তেওঁৰ চিন্তাধাৰাৰে আগুৱাই যোৱাৰ লগতে শ্ৰদ্ধা জনোৱাটো অতি প্ৰয়োজন।

মহাত্মা গান্ধীৰ জন্ম হৈছিল ২ অক্টবৰ ১৮৬৯ পোৰবন্দৰ (গুজৰাটত)। তেওঁৰ বাল্য কালৰ সময়ছোৱা কথা আমি নিশ্চয় জানো। এই বিষয়ে বিশেষ একো বাখ্যা নকৰিলেও হ’ব বুলি ভাবিছো।

আমি তেওঁৰ জাতিসত্তা, দেশপ্ৰেম, তেওঁৰ আদৰ্শ ইত্যাদি মহৎ উদ্দেশ্য সমূহৰ বিষয়ে কিছু কথা আলোচনা কৰিব খুজিছোঁ।
ভাৰতবৰ্ষক ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীন কৰাই তেওঁৰ মহৎ উদ্দেশ্য আছিল। তেওঁ স্বাধীনতা আন্দোলনৰ মূল গুৰি ধৰোঁতা।সেইবাবেই সকলোৰে বাবে জাতিৰ পিতা, তেওঁ মহাত্মা। ৰবীন্দ্ৰনাথৰ ঠাকুৰে তেওঁক প্ৰদান কৰা সন্মানসূচক নাম ‘মহান আত্মা’ তেওঁৰ মহানতাৰ বাবে। আমি সকলোৱে তেওঁক বাপু বুলিও সম্বোধন কৰো।

তেওঁৰ প্ৰকৃত নাম হৈছে মোহনদাস কৰমচাদ গান্ধী। তেওঁৰ পত্নী কস্তৰবা গান্ধী আৰু সন্তান চাৰিজনৰ নাম হৈছে হৰিলাল, মনিলাল, ৰামদাস আৰু দেৱদাস।

তেওঁ দক্ষিণ আফ্ৰিকাত উকালতি কৰি ভাৰতলৈ উভতি আহি ১৯১৫ চনত বৈষম্যবাদী নীতিৰ উচ্চ খাজনা দৰৰ বাবে প্ৰতিবাদ কৰিবলৈ খেতিয়েক আৰু বনুৱাসকলক লৈ এটা সংগঠন গঠন কৰিছিল। ১৯২১ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাপে ঠিয় দি কাম কৰিবলৈ আৰম্ভ কৰে।

উদেশ্য কিন্তু হ’ল- দৰিদ্ৰতা নিবাৰণ, নাৰী সম অধিকাৰ, আৰ্থিক স্বাৱলম্বীতা গঢ়ি তোলা, অস্পৃশ্যতা বৰ্জন আৰু বিশেষকৈ বিদেশী শাসনৰ পৰা মুক্ত হোৱা মূল উদ্দেশ্য আছিল।

আমি সকলোৱে জানোঁ যে, গান্ধীজীয়ে সত্য আৰু অহিংসা নীতিত গুৰুত্ব দিছিল আৰু আনকো সেই পৰামৰ্শৰে উদ্বুদ্ধ কৰিছিল।তেওঁ নিৰামিষাহাৰী আছিল আৰু অতি সাধাৰণ ভাবেই জীৱন-যাপন কৰি ভাল পাইছিল। তেওঁ নিজে হাতেৰে কটা সূতাৰে চুৰিয়া পিন্ধিছিল আৰু শৰীৰত এখন খদৰৰ চাদৰ মেৰিয়াছিল। তেওঁ খালী ভৰিৰে বাটকুৰি বাই ক্ষতিগ্ৰস্ত নোৱাখলিৰ পৰিয়ালৰ্বগক ঘূৰি সমবেদনা জনাই।

তেওঁৰ মহৎ গুণ আমি বাখ্যা কৰি শেষ কৰিব নোৱাৰো। তেওঁ আবদুল কালামক এটা প্ৰশ্নৰ উত্তৰ এনেদৰে দিছিল – কৰ্মক সৰ্বচেষ্ট কাম বুলি গণ্য কৰিব পাৰি যেতিয়া মানুহে মনত আনন্দ দান কৰিব, ভোকাতুৰক খোৱাৰ, পীড়িতক সহায়, বেদনাক্লিষ্টৰ বেদনা হ্ৰাস আৰু আহতজনক আঘাত লাঘব কৰিব পাৰিব।

প্ৰতিবছৰ ভাৰতত গান্ধী জয়ন্তী পালন কৰাৰ লগতে এই দিনটো আন্তৰ্জাতিক অহিংস দিৱস হিচাপেও পালন কৰা হয়। এই দিনটো বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা হয়। ৰাজ ঘাটত তেওঁৰ সমাধী ক্ষেত্ৰত চৰকাৰী ভাৱে এই দিৱস পালন কৰে।

প্ৰাৰ্থনা সভা, আলোচনা চক্ৰ, আৰু চৰকাৰী জনকল্যান মূলক আঁচনি এই দিৱসৰ মূল কাৰ্যসূচী।
নৰেন্দ্ৰ মেদীয়ে গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত অভিযান নামেৰে ভাৰত বৰ্ষত পৰিষ্কাৰ পৰিচন্নতাৰ বাবে সজগতা আনিবলৈ চেষ্টা কৰিছে। গান্ধীজীয়ে দেশক নিকা, পৰিষ্কাৰ পৰিচ্ছন্ন এখন দেশলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল। বিভিন্ন দল-সংগঠন দ্বাৰা চাফাই অভিযানত অংশ গ্ৰহন কৰাই গান্ধী জয়ন্তীৰ দিনটোত সাংস্কৃতিক অনুষ্ঠানত তেওঁৰ প্ৰিয় ভজন এটি গোৱা হয় – ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত পাৱন সীতা ৰাম…. যি আমাৰ ভাৰতবৰ্ষত সকলো মানুহে বাপুজীৰ ভজনক সন্মান কৰে।

গান্ধীজীয়ে প্ৰতি সন্ধিয়া নিজৰ ঘৰৰ লনৰ ওপৰত সকলো ধৰ্মৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিছিল আৰু এদিন আবেলি নাথুৰাম গদছে নামে এজন ডেকাই ভীৰৰ পৰা ওলাই গান্ধীজীৰ সন্মুখত ঠিয় হয় আৰু তেওঁৰ বুকুত পেটত তিনিটা কৈ গুলি নিক্ষেপ কৰে। এনেকৈয়ে তেওঁ ৩০ জানুৱাৰী ১৯৪৮ চনত নতুন দিল্লীত তেওঁৰ মৃত্যু হয়।

জাতিৰ পিতা মহাত্মা গান্ধী ভাৰতৰ ইতিহাসত যুগ যুগান্তৰৰ বাবে প্ৰাসংগিক।

মহাত্মা গান্ধীৰ বাণী :
● দেশৰ হকে প্ৰাণ দিবা কিন্তু কাৰো প্ৰাণত আঘাত নিদিবা।
● সত্যক আন্ধাৰে ধাকি ৰাখিব নোৱাৰে, সত্যৰ সদায় জয়।

এইয়ে চমুকৈ নহলেও অলপ হলেও ক’বলৈ চেষ্টা কৰিলোঁ। তেওঁ বিষয়ে কবলৈ গ’লে এইয়া যথেষ্ট কম। তেওঁ সমগ্ৰ ভাৰততে শান্তিৰ বৰ্তা দিলে, কিন্তু আজিও দেশখন শান্তিত থাকিব পাৰা নাই। গতিকে মোৰ ফালৰ পৰা সকলো দেশবাসীক শান্তিৰ বাৰ্তা, গান্ধী জয়ন্তীৰ উপলৈক্ষে শুভ বাৰ্তা হিচাপে প্ৰেৰণ কৰিলোঁ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*