মায়ঙৰ ঔগুৰিৰ পথাৰত বেদখলৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ: প্ৰশাসনক দেওবাৰলৈ সময়সীমা

মায়ঙৰ পৰা পিংকু দেৱ নাথ: মায়ঙৰ ঔগুৰিৰ হিলৈখুন্দা চাপৰিৰ পথাৰত একাংশ সন্দেহযুক্ত লোকে স্থানীয় লোকৰ মাটি বেদখল কৰি বসবাস কৰাৰ লগতে খেতি কৰিবলৈ ধৰাত এতিয়া স্থানীয় ৰাইজ ক্ষুব্ধ হৈ উঠিছে।

ইফালে এই সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনক অৱগত কৰিছে যদিও প্ৰশাসনেও সন্দেহযুক্ত দখলদাৰী সকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা অভিযোগ উত্থাপন হৈছে। যাৰ বাবে ৩০ ছেপ্টেম্বৰ স্থানীয় লোক সকলে পথাৰলৈ গৈ পথাৰত জুই লগাই প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে প্ৰতিবাদী লোকসকলে বেদখলকাৰী সকলক উচ্ছেদ কৰি তেওঁলোকৰ মাটি সমূহ বেদখল মুক্ত কৰিবলৈ প্ৰশাসনক ২ দিন তথা অহা দেওবাৰলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে। অৱশ্যে জানিব পৰা মতে, প্ৰশাসনেও বেদখলকাৰী সকলক ২ দিনৰ ভিতৰত বেদখলভূমি সমূহ মুক্ত কৰি দিবলৈ নিৰ্দেশ দিছিল যদিও ২ দিনৰ পিছতো বেদখলকাৰী সকলে সেই স্থান ত্যাগ কৰা নাই।

অভিযোগ মতে, বেদখল কৰা ভূমিসমূহ মুকলি কৰি দিয়াৰ বিপৰীতে সম্প্ৰতি আৰু ১০-১২ টা পৰিয়ালে পুনৰ সেই স্থানত ঘৰ সাজিবলৈ লোৱাত আৰু দখল হয় বুলি স্থানীয় খিলঞ্জীয়া লোক সকল শংকিত হৈ পৰিছে। যাৰ বাবে ৩০ ছেপ্টেম্বৰ ৰাইজে ব্ৰহ্মপুত্ৰ চাপৰিত খেতি কৰিবলৈ হাতে কামে লাগিছে। হাবি-বন কাটি টেক্ট্ৰৰে মাটি চহাই স্থানীয় ৰাইজে মাহ সিঁচে৷ আনহাতে আজুককাৰ দিনৰ খেতি কৰাৰ ঠাইত বেদখল কৰা সহ্য নকৰে মায়ঙৰ ঔগুৰি বাসীয়ে৷

যাৰ বাবে ৩০ ছেপ্টেম্বৰ তেওঁলোকে পথাৰতে প্ৰতিবাদ সাব্যস্ত কৰে৷ আনকি তেওঁলোকে অহা দেওবাৰৰ ভিতৰত বেদখল ভূমি সমূহ উক্ত সন্দেহযুক্ত লোক সকলে মুক্ত কৰি নিদিলে ইয়াৰ পৰিণতি ভয়ংকৰ হব বুলিও বেদখলকাৰীৰ বিৰুদ্ধে হুংকাৰ দিয়ে।

উল্লেখ্য যে, মন্ত্ৰী পীয়ূষ হাজৰিকাৰ নিজা সমষ্টিত বেদখলৰ বিৰুদ্ধে ৩০ ছেপ্টেম্বৰ ৰাইজে এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ স্থানীয় লোকৰ অভিযোগ মতে, প্ৰশাসনৰ বিষয়া গৈ পৰিভ্ৰমণ কৰি গুছি যায় আৰু বিষয়টোৰ সন্দৰ্ভত কোনো পদক্ষেপ নলয়৷ আজিলৈকে মৰিগাঁও উপায়ুক্ত উপস্থিত নোহোৱাৰ অভিযোগ তুলি ঔগুৰিৰ স্থানীয় লোক সকলে আক্ষেপ প্ৰকাশ কৰিছে৷ সম্প্ৰতি অঞ্চলটোত এতিয়া উত্তেজনাই বিৰাজ কৰি আছে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*