বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ মানৱ শৃংখল
সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত,পূৱ বিহালী আৰু পশ্চিম বিহালী আঞ্চলিক ছাত্ৰ সন্থা আৰু বিহালীবাসী ৰাইজৰ সহযোগত আজি গহপুৰ নগৰৰ পৰা বিশ্বনাথ চাৰিআলি হৈ চতিয়ালৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অতি শীঘ্ৰে মেৰামতি আৰু শীঘ্ৰে নিৰ্মাণৰ দাবীত “মানৱ শৃংখল” কাৰ্যসূচী বেদেতীত অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰজ্ঞান ভূঞা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰূপম দাসকে ধৰি দুই শতাধিক বিশ্বনাথ জিলাৰ ছাত্ৰ প্ৰতিনিধি উপস্থিত থাকে।সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰাস্বাক্ষৰিত উল্লেখিত বিষয়ৰ স্মাৰক পত্ৰ বিশ্বনাথ জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয় লৈ প্ৰেৰণ কৰে।
Leave a Reply