● অহা অক্টোবৰ মাহত শ্বিলঙত দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব এই বঁটা।
শিৱসাগৰ জিলাৰ লাকুৱাৰ এগৰাকী দৰিদ্ৰ, পিতৃহীনা ছাত্ৰীয়ে অসমলৈ এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
ছাত্ৰীগৰকীৰ এনে সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ লাকুৱা অঞ্চলৰ লগতে লাকুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়,নাজিৰা মহকুমা তথা সমগ্ৰ শিৱসাগৰ জিলাৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল।
Improvise Climbing Wheel Chair আৱিস্কাৰ কৰি যুৱ বিজ্ঞানীৰূপে প্ৰথম হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ইয়াচমিন আহমেদে৷
ইয়াচমিন আহমেদে প্ৰতিবন্ধী তথা বিশেষভাবে সক্ষম ব্যক্তিয়ে পকীঘৰৰ খটখটিয়েদি বগাই যাব পৰা হুইল শ্বেয়াৰ উদ্ভাৱন কৰি ভাৰতৰ শীৰ্ষ ৬০গৰাকী যুৱ বিজ্ঞানীৰ ভিতৰত বিশেষ স্হান দখল কৰিছে।
লগতে ইয়াচমিনে অসমৰ প্ৰথম স্হান দখল কৰি সমগ্ৰ লাকুৱা অঞ্চলৰ লগতে শিৱসাগৰ জিলা তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
Leave a Reply