শেহতীয়া আপডেটঃ

ৰঙাপৰা প্রেছ ক্লাবৰ সাধাৰন সভা, দুটা বৰ্ষৰ বাবে প্রেছ ক্লাবৰ নতুন সমিতি গঠন

শোণিতপুৰ জিলাৰ ৰেল তথা বাণিজ্য নগৰী হিচাপে খ্যাত ৰঙাপৰাত ১৯৯৩ চনত গঠন হোৱা ৰঙাপৰা প্রেছ ক্লাবৰ ২১-২২ বৰ্ষৰ সাধাৰন সভাখন দেওবাৰে বিয়লি অসম কেশৰী প্ৰগতি সংঘৰ সভাগৃহত অনুষ্ঠিত হৈ যায়।

■ কঠোৰ প্ৰত্যাহ্বানৰ মাজৰে বিচলিত নোহোৱাকৈ সংবাদ পৰিবেশন কৰাই হ’ল সংবাদ মাধ্যমৰ কৰ্তব্য। ই সম্পূৰ্ণ নিৰপেক্ষ আৰু গনভিক্তি থকা বাতৰি পৰিবেশনে ৰাইজৰ সমাদৰ লাভ কৰে। কালি বিয়লি ৰঙাপৰা প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাত এই মন্তব্য কৰে প্ৰেছ ক্লাৱৰ উপদেষ্টা তথা বিশিষ্ট সমাজকৰ্মী বলেন চক্ৰৱৰ্তীয়ে। শোণিতপুৰ জিলাৰ ৰেল তথা বাণিজ্য নগৰী হিচাপে খ্যাত ৰঙাপৰাত ১৯৯৩ চনত গঠন হোৱা ৰঙাপৰা প্রেছ ক্লাবৰ ২১-২২ বৰ্ষৰ সাধাৰন সভাখন দেওবাৰে বিয়লি অসম কেশৰী প্ৰগতি সংঘৰ সভাগৃহত অনুষ্ঠিত হৈ যায়।

প্ৰেছ ক্লাৱৰ সভাপতি সুনিল মৰৰ সভাপতিত্বত আৰু সম্পাদক হিমাংশু শইকীয়াই উদ্দেশ্য বাখ্যা কৰা সভাখনত চক্ৰৱৰ্তীয়ে লগতে কয় সম্প্ৰতি ৰাজ্যৰ লগতে ৰঙাপৰা অঞ্চলৰ শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক এই দিশত আগবঢ়াই নিয়াৰ বাবে বিশেষ ভূমিকা পালন কৰাৰ লগতে সৃজনশীল আৰু অনুসন্ধান মূলক বাতৰি পৰিবেশন কৰাৰ বাবে আহ্বান জনায়।

কভিড সৃষ্ট পৰিবেশৰ বাবে সভাখন অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰে। সভাত অসমৰ বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞি, অধিবক্তা নিলয় দত্ত, কৰণাত অকাল মৃত্যু হোৱা আৰু মাজুলি নাওঁ দূৰ্ঘটনাৰ লগতে দেশৰ গুনী মানী বহু গৰকীয়ে ইহলীলা সম্বৰণ কৰা সকলৰ প্ৰতি মৌম প্ৰাৰ্থনা জনোৱাৰ লগতে শোক প্রস্তাব পাঠ কৰে।

সভাত প্রেছ ক্লাবৰ আন এগৰাকী উপদেষ্টা আব্দুল ৰহিমে নিজৰ ভাষণত কয় যে- যিকোনো সংগঠন বা ক্লাবত অনুশাসন থকা খুবেই জৰুৰী। সুদৃঢ় অনুশাসনে এটি অনুষ্ঠানৰ স্থায়ীত্ব বৃদ্ধি কৰাৰ উপৰি ৰাইজৰ মৰম পাই। সভাত প্রেছ ক্লাবৰ বিষয়ববীয়া চাহিন আহমেদ, পংকজ নাথ, ধনেশ্বৰ কলিতা, শশীভুষন শৰ্মা, চাজাহান কুৰেছী,আব্দুল ৱাছিদ,জয় কিশোৰ ঝা আদি সাংবাদিক সকলেও বিগত সময়ত মুখামুখি হোৱা বিভিন্ন দিশত নিজৰ অভিজ্ঞতা দাঙি ধৰে।

সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্রস্তাব আগন্তুক সময়ৰ বাবে গ্ৰহন কৰা হয়। ইয়াৰে ৰঙাপৰা প্রেছ ক্লাবৰ এখন সংবিধান প্রস্তুত কৰা, সভাই তিনিমাহত পৰ্য্যালোচনা সভা অনুষ্ঠিত কৰা, সকলোৱে ৰঙাপৰা প্রেছ ক্লাবৰ স্থায়ী কার্যালয় নিৰ্মাণ কৰা, গনভিক্তি মুলক কাৰ্য্যসুচী লোৱা, ৰঙাপৰাৰ বা বাতৰি পৰিবেশনত সঠিক তথ্যৰে আগবঢ়া ইত্যাদি।

সভাত পুৰনি সমিতিয়ে পদত্যাগ কৰাত নতুন সমিতি গঠন কৰা হয়। মুখ্য উপদেষ্টা সুনিল মৰ, হিমাংশু শইকীয়া, উপদেষ্টা বলেন চক্ৰৱৰ্তী, আব্দুল ৰহিম, বিমান মণ্ডল, ৰাজু পাটদিয়া, ,সভাপতি ৰূপে পংকজ নাথ, উপ সভাপতি ক্ৰমে চাহিন আহমেদ, ধনেশ্বৰ কলিতা, সম্পাদক শশীভুষন শৰ্মা, সহ সম্পাদক চাহজাহান চেলিম কুৰেছী, সাংগঠনিক সম্পাদক জয় কিশোৰ ঝা, ধন ভৰালী আব্দুল ৱাছিদকলৈ এক পূৰ্ণাংগ সমিতি গঠন কৰা হয় ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.