শিক্ষক হোৱাৰ আনন্দ
(সত্য ঘটনাৰ ওপৰত আধাৰিত)
✒️ কাবেৰী বৰা মজুমদাৰ (দিল্লী)
📝 সকলোৰে জীৱনত কিছু মিঠা, কিছু তিতা ক্ষণ আহে । আৰু কিছু ক্ষণ আমি জীৱনলৈ পাহৰিব নোৱাৰোঁ । মোৰ জীৱনলৈও অহা তেনেকুৱা এটি ক্ষণৰ বিষয়ে লিখিব ওলাইছোঁ ।
আজিৰ পৰা পোন্ধৰ বছৰ আগৰ কথা । ২০১৫ চনৰ গৰম দিনৰ কোনোবা এটা দুপৰীয়া । অসহ্য গৰমত ছাটি ফুটি কৰি, অলপ বতাহ লওঁ বুলি, ঘৰৰ সন্মুখৰ গেটৰ ওচৰত থিয় দি আছিলোঁ । ডাঙৰ বগা গাড়ী এখন মোৰ সন্মুখেৰে পাৰ হৈ গ’ল । গাড়ীখন অলপ আঁতৰত গৈ হঠাতে জোৰেৰে ব্ৰেক মাৰি ৰৈ গ’ল । ইমান জোৰে ব্ৰেক মাৰিছিল যে ডাঙৰকৈ শব্দ ওলাই গৈছিল । গাড়ীখনৰ পৰা এজন ২২\২৩ বছৰীয়া ল’ৰা নামি আহিল ।
মুখত এমোকোৰা হাঁহি । মই পিছলৈ ঘূৰি চালোঁ । কোনো দেখোন নাই । তাৰমানে ল’ৰাজনে মোৰফালে চায়েই হাঁহিছে নেকি ? কিন্তু মই ল’ৰাজনক চিনি নোপোৱাৰ বাবে হাঁহিব টান পালোঁ । মোৰ ওচৰ পাই ল’ৰাজনে হঠাতে মোক আচৰিত কৰি, মোৰ ভৰি চুই সেৱা কৰি ক’লে—বাইদেউ, মোক চিনি পোৱা নাই নেকি ? মই তুষাৰ । তুষাৰ—-নামটো শুনাৰ লগে লগে মনটো প্ৰায় ১৫ বছৰ পাছলৈ ঘূৰি গ’ল । বামুনীমৈদানৰ এফ চি আইৰ সন্মুখত অৱস্থিত, অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত প্ৰতিষ্ঠা কৰা গুৱাহাটী জাতীয় বিদ্যালয়ত তেতিয়া মই সহঃ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত । সেইখন বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে পাইছিলোঁ কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্গাশংকৰ দেৱশৰ্মা ছাৰক । ছাৰৰ তত্বাৱধানত বহুতো নজনা কথা জনাৰ সুবিধা লাভ কৰিছিলোঁ । এই সুযোগতে প্ৰয়াত ছাৰক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।
নতুনকৈ গঢ় লৈ উঠা বিদ্যালয়খনত অংকুৰ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ একেলগে সাতটা ক্লাছ আৰম্ভ কৰিছিল । ইয়াৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল তুষাৰ । আকৰ্ষণীয় চেহেৰাৰ ল’ৰাজন চঞ্চল স্বভাৱৰ আছিল । পঞ্চম শ্ৰেণীত মই ইংৰাজী পঢ়ুৱাইছিলোঁ । পঢ়াত চোকা আছিল যদিও দুষ্টামি আৰু চঞ্চলামিৰ বাবে তুষাৰে প্ৰায়ে মোৰ পৰা গালি খাইছিল । তুষাৰ পঢ়াৰ বাহিৰেও আন সকলো ক্ষেত্ৰতে আগৰণুৱা আছিল । শিক্ষক, ছাত্ৰ, আৰু অভিভাৱকৰ সভালৈ পিতৃ-মাতৃ বিদ্যালয়লৈ আহি, আমাৰ সৈতে তুষাৰৰ পঢ়া আৰু অন্যান্য ক্ষেত্ৰৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিছিল । ছুটীৰ সময়ত তুষাৰক নিবলৈ আহিও তুষাৰৰ মাতৃয়ে মোৰ সৈতে বহুদেৰী কথা পাতিছিল । নতুনকৈ গঢ় লোৱা বিদ্যালয় । ছাত্ৰ ছাত্ৰীৰ সংখ্যাও তাকৰ আছিল । গতিকে অনুশাসনবোৰো বেছি কাঢ়া নাছিল ।
মই নিজেও যিহেতু কথা পাতি ভাল পাইছিলোঁ, গতিকে তুষাৰৰ মাতৃৰ সৈতে ঘনিষ্ঠ হৈছিলোঁ ।
২০০৫ চনত মোৰ ব্যক্তিগত অসুবিধাৰ বাবে মই বিদ্যালয় এৰিবলগীয়া হৈছিল, কাৰণ মই প্ৰথমবাৰৰ বাবে মাতৃ হৈছিলোঁ । মোৰ এজনী কন্যা সন্তান জন্ম পাইছিল বাবে মই কৰ্মৰ পৰা সাময়িকভাৱে অব্যাহতি হৈছিলোঁ । ২০০৫ চনতেই তুষাৰৰ লগতে তুষাৰৰ পিতৃ মাতৃৰ সৈতে মোৰ শেষ দেখা । ২০০৮/০৯ চন মানৰ ঘটনা । সঠিককৈ মনত নাই । পুৱাতে দৈনিক বাতৰি কাকতত খবৰ এটা পালোঁ–নুনমাটিৰ ওচৰৰ শালবাৰীত ভূমিস্খলন হৈ নিশা শুই থকা অৱস্থাতে একেটা পৰিয়ালৰ তিনিজন সদস্য নিহত । বাতৰিটো পঢ়ি বহুত বেয়া লাগিছিল (এনেকুৱা খবৰে সদায়ে মনটো ব্যথিত কৰে) যদিও বিশেষ গুৰুত্ব দিয়া নাছিলোঁ । কাৰণ, গুৱাহাটী মহানগৰীত এনেকুৱা ভূমিস্খলনৰ ঘটনা প্ৰায়ে ঘটিয়েই থাকে । সেইদিনাই দুপৰীয়া মোলৈ এটা ফোন আহিল । ফোনটো ধৰাৰ লগে লগে হাই হেল্লো একো নোকোৱাকৈ মোক পোনপটীয়াকৈ সুধিলে–খবৰটো পাইছে নে ? মাতটো চিনি পালোঁ । বিদ্যালয়ৰ পৰা শিক্ষক এগৰাকীয়ে কৰিছিল । মই সুধিলোঁ–কি খবৰ ? তুষাৰহঁতৰ—-সিফালৰ পৰা ক’লে । মই আকৌ সুধিলোঁ—-তুষাৰহঁতৰ কি খবৰ ? কালি নিশা ভূমিস্খলন হৈ তুষাৰৰ মাক/দেউতাক আৰু ইঞ্জিনিয়াৰিং পঢ়ি থকা একমাত্ৰ দাদাকজন ঢুকালে । কি??? ফোনটো থৈয়েই মই দৌৰি যোৱাদি গৈ পুৱা পঢ়া বাতৰি কাকতখন লৈ বাতৰিটো আকৌ এবাৰ ভালদৰে পঢ়িলোঁ । মোৰ সৰসৰাই চকুপানী বাগৰি আহিল । তুষাৰৰ মাকৰ হাঁহিভৰা মুখখন চকুলৈ ভাহি আহিল । হে ভগৱান —তুষাৰৰ কি হ’ব এতিয়া !!! এক মুহুৰ্ততে মনটো বিষাদেৰে ভৰি পৰিল । শ্ৰেণীকোঠাত দুষ্টামি কৰা প্ৰাণচঞ্চল ল’ৰাজনৰ মুখখনো চকুৰ আগলৈ ভাহি আহিল ।
প্ৰায় জঠৰ হৈ পৰা মইজনী, মাইনাজনীৰ কান্দোনত বাস্তৱলৈ উভতি আহিলোঁ । বহুদিনৰ পাছত খবৰ পালোঁ যে তুষাৰৰ দায়িত্ব নিজৰ বৰদেউতাকে লৈছে আৰু গুৱাহাটী ৰিফাইনেৰী হাইস্কুলৰ পৰা তুষাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত, সুখ্যাতিৰে উত্তীৰ্ণ হৈছে । সেয়াই তুষাৰৰ বিষয়ে লাভ কৰা মোৰ শেষ খবৰ । তাৰ পাছত—-দিন, মাহ, বছৰ বাগৰি গ’ল আৰু এতিয়া সুদীৰ্ঘ বছৰৰ বিৰতিত তুষাৰ মোৰ সন্মুখত । মুখত একেই হাঁহি, একেই আকৰ্ষণীয়া চেহেৰা । বাৰে বাৰে চেষ্টা কৰিও মাক দেউতাকৰ বিষয়ে সুধিব সাহস গোটাব নোৱাৰিলোঁ । হয়তো ইমান বছৰৰ মূৰত দুখবোৰ অলপ পাতলিছে । আকৌ এবাৰ দুখবোৰ উজাগৰ কৰিবলৈ মনে নক’লে । বৰ্তমান কি কৰি আছে, ক’ত থাকে আদি আনুষংগিক খবৰবোৰ লোৱাৰ পাছত তুষাৰ গাড়ীখনত উঠি আঁতৰি গ’ল—দূৰলৈ, বহু দূৰলৈ ….
শিক্ষক হোৱাৰো হয়তো এক সুকীয়া মাদকতা আছে । নিজে পঢ়োৱা ছাত্ৰ ছাত্ৰী এজনে যেতিয়া ইমান বছৰৰ পাছতো মনত ৰাখে, তেতিয়া এক সুখানুভূতি পোৱা যায় । তুষাৰ যোৱাৰ পাছত মোৰ আকৌ চকুপানী ওলাইছিল, কিন্তু আজি বিষাদত নহয়, আনন্দত ।
Leave a Reply