শেহতীয়া আপডেটঃ

দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী কুঁহি চেতিয়াৰ ‘বেবেৰিবাং’ৰ শুভ উন্মোচন

■ জয়ন্ত কুমাৰ হাজৰিকা ,নামনি লক্ষীমপুৰ, নাৰায়ণপুৰঃশি শু মনৰ ভাৱৰ উন্মেষ ঘটাই নাৰায়ণপুৰৰ ৭ বছৰীয়া শিশু লেখিকা কুঁহি চেতিয়াই লিখি উলিয়াইছে ‘বেবেৰিবাং সাধু’ শীৰ্ষক এখনি সাধু সংকলন৷

নাৰায়ণপুৰৰ অশোক গাঁৱৰ মুকুন্দ মুৰাৰী চেতিয়া আৰু বন্তি শইকীয়া চেতিয়াৰ একমাত্ৰ কন্যা কুঁহি চেতিয়াই লিখি উলিওৱা দহটা সাধু সম্বলিত সাধু সংকলনখনি আজি নাৰায়ণপুৰ প্ৰেছ ক্লাবত শুভ উন্মোচন কৰা হয় ।

আখৰৰ লগত চিনাকি হোৱাৰে পৰা লেখা-মেলাৰ প্ৰতি আগ্ৰহী কুঁহি চেতিয়াৰ ‘বেবেৰিবাং সাধু’ দ্বিতীয়খন পুস্তিকা৷ ইয়াৰ পূৰ্বে ২০২০ বৰ্ষত কুঁহি চেতিয়াই দ্বিতীয় ভাষা হিন্দীত দহটাকৈ শিক্ষামূলক সাধু লিখি প্ৰস্তুত কৰি উলিয়াইছিল ‘কুঁহি কি কাহানি’ নামৰ এখন পুথি৷ পুথিখনৰ জৰিয়তে কুঁহি চেতিয়াই অসম বুক অব্ ৰেকৰ্ড আৰু ইন্টাৰনেশ্যনেল বুক অব্ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল৷

আজি নাৰায়ণপুৰ প্ৰেছ ক্লাবত নতুন এখোজ প্ৰকাশনৰ পৰা প্ৰকাশিত ‘বেবেৰিবাং সাধু’ শীৰ্ষক সাধু সংকলটি উন্মোচন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ক্ষীৰপদ দত্তই৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.