বিহালী ৰাংছালী জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেল পথাৰ পৰিদৰ্শন বিধায়ক ৰঞ্জিত দত্ত ::
১২ কোটি টকীয়া ষ্টেডিয়াম স্থাপনৰ সন্দৰ্ভত আলোচনা :
বিশ্বনাথ ৭ আগষ্ট ::
প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত ই শনিবাৰে বিহালী ৰাংছালী জনতা বাকৰিস্থিত ষ্টেডিয়াম স্থাপনৰ সন্দৰ্ভত পৰিদৰ্শন কৰে জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ।
ইফালে সন্দৰ্ভত জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এখন আলোচনা সভাত অশংগ্ৰহণ কৰে বিধায়ক ৰঞ্জিত দত্ত ।
সভাত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে প্ৰকাশ কৰি কয় যে ষ্টেডিয়াম খন নিৰ্মাণৰ বাবে বিভাগীয় ফালৰ পৰা ইতিমধ্যে ১২ কোটি টকাৰ অনুমোদন জনাইছে ।
ইয়াৰ বাবে প্ৰয়োনীয় যাৱতীয় মাটিৰ নথি পত্ৰ সমূহ ।
যিমানে পাৰে সোনকালে বিভাগীয় কতৃপক্ষৰ হাতত নথি পত্ৰ সমূহ জমা দিবলৈ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কতৃপক্ষক আহ্বান জনাই বিধায়ক ৰঞ্জিত দত্তই।
ইফালে বিধায়ক গৰাকী সৈতে
উপস্থিত থাকে বিশ্বনাথ সদৰ মহকুমাৰ মহকুমাধিপতি বিশ্বজিত শইকীয়া,বিশ্বনাথ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল দাসৰ লগতে কেইবাজনো লাট মণ্ডল,বিহালী উন্নয়ন খণ্ডৰ সহ: অভিযন্তা ভূপেন বৰুৱা,নিজবিহালী জিলা পৰিষদৰ সদস্যা দিপিকা দেৱী ঢাকাল,বৰালীমৰা গাঁও পঞ্চায়তৰ সভাপতি লাচিত বৰা, সম্পাদক অৰিনন্দম গোস্বামী, বিজেপি নেতা অৰূপ কুমাৰ দাস, নিজবিহালী আঞ্চলিক সদস্যা, লগতে ৰাংছালী বিশিষ্ট সমাজ সেৱক শিক্ষক সঞ্জীৱ কুমাৰ দাসকে ধৰি কেইবাটাও গাওঁ পঞ্চায়ত প্ৰতিনিধ আৰু অঞ্চলটো বিশিষ্ট ব্যক্তিসকল৷ ইফালে সভা পাছতে বিধায়ক গৰাকী বটীয়ামাৰী গাঁও পঞ্চায়তৰ সভাপতি প্ৰাক্তন সভাপতি তথা প্ৰয়াত

গোপাল শৰ্মা, বিজেপি কৰ্মী তথা
ৰাংছালীৰ সমাজকৰ্মী প্ৰয়াত মিলন দাসৰ বাস গৃহত উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে।

Leave a Reply Cancel reply