বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সম্বৰ্ধনা জ্ঞাপন বিশ্বনাথৰ
সদ্য বিদায় অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ জ্যোতি শইকীয়াক।
আদৰণি জিলা আৰক্ষী অধীক্ষকক:
বিশ্বনাথ চাৰিআলি ৭ আগষ্ট ::
শনিবাৰে বিশ্বনাথ জিলা সাংবাদিক সন্থাই বিশ্বনাথ জিলাৰ অতিৰিক্ত অৰক্ষী অধীক্ষক হিচাপে বিশ্বনাথ জিলাত সুদীৰ্ঘ ডেৰ বছৰ ধৰি কৰ্তব্য সম্পাদন কৰি যোৱা কেইদিন পূৰ্বে আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰা বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ জ্যোতি শইকীয়াক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ সভাখন আত ধৰে জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই।
অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীৰ বিশ্বনাথত কাৰ্যকাল সমাপ্ত কৰা মূহুৰ্তত তখেতৰ বিশ্বনাথ জিলাৰ কাৰ্যকালত যি ধৰনে সত্য নিষ্টাৰে নিজৰ কৰ্তব্য পালন কৰিলে।
তাৰ বাবে সাংবাদিক সন্থাই শলাগ লৈ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীক।
অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীক সাংবাদিক সন্থাই ফুলাম গামোছাৰে সম্বৰ্ধণা জ্ঞাপন কৰাৰ লগতে এখন সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰে।ইফালে একেটা অনুষ্ঠানতে নৱ নিৱ নিযুক্ত বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক আৰু বিশ্বনাথ DSP ক জিলা সাংবাদিক সন্থাই আদৰণি জনাই ।

এই সম্বৰ্ধণা অনুস্থানত উপস্থিত থাকে বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন হাজৰিকা উপ সভাপতি ভাস্কৰ জ্যোতি ভূঞাঁ,সম্পাদক ৰতন ভূঞাঁ বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ সম্পাদক বসন্ত বৰাৰ লগতে উপস্থিত থাকে ভূৱন শইকীয়া,পল্লৱ বৰা,জগতাৰ সিং,পুলক হাজৰিকা,আমিৰ খান,ভাস্কৰ জ্যোতি বৰা,অজিত দাস,বেদদীপ উপাধ্যায়,কাজি জেইদুল ইছলাম,মন্টু বৰকটকী,গোপাল খনাল,হোমেন বৰ্মন,ইকুমনি শইকীয়া,জাহাংগীৰ হোছেইন আদি সংবাদ কৰ্মী সকল ৷

Leave a Reply Cancel reply