♣ক’ভিড মহামাৰীৰ বাবে জাৰি কৰা নিৰ্দেশাৱলীৰ বাবে বহুজনৰ আয়ৰ পথ ৰুদ্ধ হৈ পৰিছে। সেয়ে ক’ভিদ প্ৰত্যাহ্বানৰ মাজত আৰ্তজনক কিছু সহায়ৰ হাত আগবঢ়াইছে “জোনাক এটি প্ৰচেষ্টা” নামৰ বেচৰকাৰী সংস্থাটোৱে। জোনাকৰ উদ্যোগত আজি নলবাৰী জিলাৰ নলবাৰী ষ্টেচন, ঘগ্ৰাপাৰ ষ্টেচন, নলবাৰী হৰিমন্দিৰত ১০০ জনৰো অধিক দুখীয়া লোক আৰু আশ্রয় হীন লোকৰ মাজত আহাৰ আৰু পানী বিতৰণ কৰে। বেচৰকাৰী সংস্থা জোনাক এটি প্ৰচেষ্টাই ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে সংকটৰ সম্মুখীন হোৱা লোক সকলৰ প্ৰতি জনোৱা এই সঁহাৰিৰ বাবে সন্তোষ প্ৰকাশ কৰিছে সচেতন মহলে।
সংস্থাটোৰ সভাপতি ভাস্কৰ জোতি শইকীয়াই জানিব দিয়া মতে সংস্হাটোৰ ১১ জুনত স্থাপন কৰা হয়। সংস্থাটোৱে অসমৰ বিভিন্ন জিলাত কৰোণা মহামাৰীৰ সময়ছোৱাত খাদ্য প্ৰতি ভাবুকি আহি পৰা মানুহ তথা জীৱ জন্তু খোৱা লোৱাৰ পৰা ধৰি বস্ত্ৰ যোগান ধৰি আহিছে।
আজিৰ এই কাৰ্যসূচীত জোনাক এটি প্ৰচেষ্টা ৰ ৰাজ্যিক সভাপতি ভাস্কৰ জ্যোতি শইকীয়া উপ -সভাপতি ৰূপম জ্যোতি দাস, সহঃ সম্পাদক নয়ন ভট্ট অন্যান্য সদস্য ক্ৰমে জিতুমনি দাস, অংকুৰ কোঁৱৰ, মনোজ কলিতা, ভাস্কৰ জোতি কলিতা, ৰিয়া ৰেজবিন, বৰষা ডেকা, জেনিফ আলী, শিৱানী কলিতা, চাঈদ আহমদ(চাঈমুন), বৰষা হাজৰিকা উপস্থিত থাকে৷
Leave a Reply Cancel reply