♥
মৰমৰ
বুকুত শুই থকা নৈ খনি
ফাগুন বনত যদি শিমলু জোপা গাভৰু নহ’লহেঁতেন, তেন্তে পলাশৰ ৰঙাৰে ৰঙা হোৱাৰ বাসনাও মাথো অমূৰ্ত হ’লহেতেন। অষ্টাদশী তৰুণীৰ বুকুত তোলপাৰ লগাবলৈয়ে হয়তো ফাগুনৰ পছোৱা জাক বলে। বৰ নষ্টালজিক। সেয়ে মোৰ বুকুখন আজি উতলা ফাগুন। ফাগুন বনলৈ অহা-যোৱা কৰোতে নদী হৈ চিনাকি দিলা। তোৰ বুকুখনি বৰ বিশাল। ভবাই নাছিলো তোৰ মোহনাটিও যে ইমান ৰসাল। সলাজ সলাজ ভংগিমাৰে বৰষুণ নামিছিল। বৰষুণৰ টোপালবোৰ সাঁচি ৰখাৰ প্ৰয়াসত আকাশৰ নীলাভ ঘঁহি তোৰ যৌৱনা মনটিও হৈ পৰিছিল বসন্ত কালৰ আঁহতৰ পাতৰ দৰে সুকোমল। এশ এবুৰি গুণাগঁথাই কঠালে মুঁচি পেলোৱাৰ দৰে মুঁচি পেলাইছে। তথাপি বুকুখনত এটি বিষ উজাই আহিছে। বিষণ্ণ আবেলি আহিব নেকি বৰদৈচিলা। য’ত নাহৰজোপা হৈ খামুচি ধৰিব নোৱাৰিম তোৰ বুকুত পলস ভেদিবলৈ। কৃষ্ণচূড়া জোপা উভালি পৰিলে পাৰিবা জানো সোণাৰুৰ হালধীয়া ফুল হৈ থাকি কৃষ্ণচূড়াৰ ফুলবোৰৰ ৰঙৰ মূল্য উভতাই দিবলৈ। মই এতিয়াও বুকু ডাঠ কৰি ক’ব নোৱাৰো বৰষুণ হ’বনে নহয়। বুকুখনিত জীয়াশিল এচটাই আচম্বিতে খুন্দিয়াইছে। ন-জানৰ বিহু পথাৰত বসন্ত নামিছে। ৰজাঘৰীয়া গৰম বতাহত ধূলিৰে ধূসৰিত নহ’বলৈ এজাক জোনাকীয়ে বিহুগীতৰ আখৰাত দেহা উজাৰিছে। তাকে দেখি মহুৰা হৈ ঘূৰা মোৰ ভাবনাবোৰে কুঁহিপাত মেলিছে; সেউজীয়া হ’ব বিচাৰিছে তোমাৰ উশাহত পানীফুলত উলমি থকা জোনটোৰ মৰমবোৰ।
এজাক বৰষুণত তিঁতি -বুৰি গা ধোৱাৰ অপেক্ষাত।
ইতি
বসন্তৰ সেউজীয়া কবিজন।
দিব্যজ্যোতি ডেকা,
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়।
যোগাযোগ-৬৯০১৭৫৩৪৮৫




