শেহতীয়া আপডেটঃ

সমাজিক দৃষ্টিত পুৰুষ মহিলাৰ স্থিতি সমান নে?

♦সমাজিক দৃষ্টিত পুৰুষ মহিলাৰ স্থিতি সমান নহয় কিয় ?এগৰাকী নাৰীয়ে সমাজত লৰাৰ দৰে বহুতো প্ৰাপ্য অধিকাৰৰ পৰা কিয় আজিও বঞ্চিত হৈ আছে?

তেওঁলোকে সমাজত আজিও লৰাৰ তুলনাত সমানে  অধিকাৰ ভোগ কৰিব পৰা নাই কিয় ?

সৃষ্টিশীলতাৰ আঁৰত থকা সৌন্দৰ্যৰ প্ৰতীকেই হৈছে নাৰী, নাৰী জাতি সাধৰণতে দয়ালু আৰু মৰমীয়াল হয় ।এগৰাকী নাৰীয়ে যিমান কষ্ট সহ্য কৰিব পাৰিব সেয়া জানো এজন পুৰুষে সহ্য কৰিব পাৰিব জানো? তেনে স্হলতো নাৰী এগৰাকীক তেওঁৰ প্ৰাপ্য অধিকাৰৰ পৰা আজিও প্ৰতিবন্ধকতাৰ হেঙাৰ স্বৰূপ কৰি তুলিছে। সাধৰণতে ৰাস্তাত ছোৱালী এজনীৰ লগত কথা-বতৰা পাতিলে তাত সন্দেহ কৰা মানুহৰ অভাৱ নাই কিন্তু সেই ছোৱালী এজনীক অসন্মান কৰিলে তালৈ কিমানে নজৰ দিয়ে? এনেকুৱা নকৰাত্মক চিন্তা ধাৰা এৰি কিয় মনত সৎ ভাৱেৰে বন্ধুত্ববোধ বা ভাতৃত্ববোধৰ দৰে থাকিবলৈ যত্ন নকৰো? বাইকৰ পিছত এজনী ছোৱালী উঠি গলে সাধৰনতে সন্দেহৰ চকুৰে চাব লগা কি প্ৰয়োজন আছে, সেইজনীতো তেওঁৰ ভনীয়েকো হ’ব পাৰে।

আচলতে লেতেৰা কাপোৰে মানুহক লেতেৰা নকৰে লেতেৰা চিন্তা ধাৰাহে মানুহক লেতেৰা কৰে।

দ্বীতিয়তে,যদি এজন লৰাই নিজৰ ইচ্ছা মতে বিবাহ পাশত আবদ্ধ হব পাৰে তেন্তে এজনী ছোৱালীৱে কিয় সেই খিনি অধিকাৰ দিয়া হোৱা নাই?কিয়  ছোৱালী এজনীৰ কোনো নিজস্ব ইচ্ছা আকাংক্ষা নাই নেকি বাৰু?তাৰ মানে ছোৱালী জনী জড় পদাৰ্থ নেকি, শিল গুটিৰ দৰে যিফালে দলিয়াব সিফালে যাব।জীৱন সংগীজনে বাৰু  কাৰ লগত জীৱনটো কটাব? বাচনি কৰা ব্যক্তি জনৰ লগত নে তেওঁৰ স্বামীৰ লগত ?তেনে  প্ৰসংগত এজনী ছোৱালীয়ে অনিচ্ছাকৃতভাৱে আন সদস্যৰ বাচনি মতে বিবাহ পাশত আবদ্ধ হোৱাৰ কি যুক্তি যুক্তিকতা থাকে?

তৃতীয়তে যদি এজন লৰাই নিজৰ ইচ্ছা মতে ঘূৰা ফুৰা কৰিব পাৰে তেন্তে এজনী ছোৱালীক মাক দেউতাকে কিয় এইখিনী অধিকাৰ নিদিয়ে?

ৰাতিকৈ লৰাজন ঘৰ সোমালেও একো নকয় কিন্তু ছোৱালীজনীক মাৰ ধৰ কিয় কৰে? যি দাদায়েকে ৰাতি কাৰোবাৰ লগতে কথা পাতি ঘৰ সোমাই সেই দাদায়েক ভনীয়েকক ৰাতিকৈ ঘৰত আহিলে সন্দেহ,বকিবলৈ আৰম্ভ কৰে  ।লৰাজনৰ পৰীক্ষা বেয়া হলে তাক ১০ বাৰেই পঢুৱাবলৈ সাজু মাক দেউতাকে, কিন্তু ছোৱালী জনীক কিয় পঢ়াব নিবিচাৰে?লৰা জনে তেওঁৰ ইচ্ছা মতে নিজৰ বন্ধুৰ লগত কাপোৰ কিনিব যাব পাৰে কিন্তু এজনী ছোৱালীজনীয়ে মাকৰ লগত যাব লগীয়া হয় এয়ে সমঅধিকাৰ নেকি বাৰু? ছোৱালী এজনীৰ মোবাইল ফোন আহিলেই কোন বুলি সন্দেহ কৰাৰ কি প্ৰয়োজন?একাংশ মানুহৰ মতে ছোৱালী  ঘৰত থাকিলে চৰিত্ৰ ভাল এয়াই নেকি সম অধিকাৰৰ তথা সমাজৰ মানসিকতা?

চতুৰ্থতে যি নাৰী জাতিক দেৱী স্বৰূপে পূজা কৰে সেই নাৰী জাতিকেই অত্যাচাৰ ।কিয় এনে কলোশিত মানসিকতাৰ ওপৰত আজিও বিহীত ব্যৱস্থা লব পৰা নাই? আচলতে নাৰীক সন্মান কৰিবলৈ হলে সৎ সাহসৰ প্ৰয়োজন আকৌ যি দেশত ধৰ্ষন কাৰীৰ বাবে উকিল পোৱা যাই তাত ধৰ্ষৰ মূল্য কি বুজিব ইয়াৰ বাবে দেশত কিয় বিহীত ব্যৱস্থা লব পৰা নাই

পঞ্চমতে,ছোৱালী এজনী ঘৰত বেছি দিনলৈ ৰাখিব নোখোজে এক প্ৰকাৰৰ বোজা বুলি ভাবে,সোনকালে বিয়া দি উদ্ধাৰ হব বিচাৰে একাংশ অভিভাৱকৰ এতিয়াও এই মানসিকতা ।ছোৱালী জনীৰ দেউতাক অসুস্হ হলে কব -তাইক বিয়া দিয়ক কিবা এটাৰ হোৱাৰ আগতেই দেউতাকে বিয়া চাই যাওক ।দেউতাৰ মৃত্যু হলে কব -তাইক বিয়া দিয়ক দেউতাক নাই যিহেতু বিয়াৰ পাছত চিন্তা নাই,মাক নেথাকিলে কব “তাইক বিয়া দিয়ক মাকৰ দৰে শাহুয়েক এজনী পাব ” কিয় আজিও সমাজৰ এই কলোষিত মানসিকতা??একাংশই   ছোৱালীৰ জীৱনৰ প্ৰথম উদ্দেশ্য কৰি লয় বিবাহ ,২০ হলে সমাজৰ মানুহে বিয়াৰ বাবে  দেখাই দিয়া আৰম্ভ ২৫ বছৰ হলে ও কবলৈ লয় এতিয়াও বিয়া হোৱাৱে নাই তাৰ পৰিৱৰ্তে প্ৰথম উদ্দেশ্য কৰি বিবাহ কৰি  লৈ Quality, Qualification, Self-Depend আদি জীৱনৰ উদ্দেশ্য নকৰে? শহুৰ শাহুয়েকেৰ ওপৰত নিৰ্ভৰ কৰি সুখী হব পাৰিব জানো? আকৌ বহুতৰ মতে ভাল জোৱাই হল চাকৰি থকা লৰা ভিতৰত সি যিয়েই নহওঁক ভিতৰত বদমাছ হলেও কথা নাই তাৰ মানে লৰাটোৰ লগত নহয় চাকৰিটোৰ লগত বিয়া দিব ।

গতিকে এনে চিন্তা ধাৰাৰ পৰা মন্তব্য কৰিব পাৰো যে লৰাৰ তুলনাত এগৰাকী ছোৱালীয়ে তেওঁৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে ,সমাজৰ একাংশ কলোষিত মানসিকতাই সমাজ নষ্ট কৰিছে ।মনত ৰাখিব আচলতে প্ৰত্যক কথা,বস্তু নিজৰ মানসিকতা আৰু দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰশীল ।যেনেকুৱা দৃষ্টিভংগীৰে লক্ষ্য কৰিবা তেনে দেখিবা। চোৰো সকলো সময়ত অইনকো চোৰে দেখে কেৱল নিৰ্ভৰ আপোনাৰ মানসিকতাৰ ওপৰত ।গতিকে নাৰী জাতিক সম অধিকাৰ দিয়ক, সন্মান দিয়ক যেতিয়া তেওঁলোকৰ লগত সাক্ষাৎকাৰ হবা ডাঙৰ হলে সম্বোধন কৰি মাতক, গাড়ী মটৰে উঠতে তেওলোকক পোনতে নামিবলৈ উঠিবলৈ দিয়ক।

লিখক: আচিক আহমেদ। জিলা: নলবাৰী। গাওঁ:ৰাইমাধা।ফোন:৯৩৬৫৮৬৫০৮২,

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.