♦নলবাৰী জিলাৰ মাখিবাহা–ভোজকুছি গাঁওৰক্ষী বাহিনীয়ে ১৬ জুলাইত ৰাজ্য চৰকাৰৰ ক’ভিড টিকাকৰণ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে অসম চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক বৰঙনি আগ বঢ়ায় । স্থানীয় গাঁওৰক্ষী বাহিনীয়ে পোৱা নামমাত্ৰ জলপানিৰপৰা মাখিবাহাস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙনি আগ বঢ়াই এই গাঁওৰক্ষী বাহিনীয়ে মহানুভৱতাৰ পৰিচয় দিয়া বিষয়টোৱে আঞ্চলিকভাৱে বাৰুকৈয়ে প্ৰশংসা লাভ কৰিছে । উল্লেখযোগ্য যে মাখিবাহা–ভোজকুছি গাঁওৰক্ষী বাহিনীয়ে মাখিবাহাস্থিত ষ্টেট বেংকৰ শাখা, ডাকঘৰ আৰু বজাৰৰ চাহ দোকানত চেনিটাইজ কৰি একাধিকবাৰ জনহিতকৰ কাৰ্য সম্পাদন কৰিছে ।
Leave a Reply Cancel reply