♦ নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত চতেমাৰি গাঁওৰ নাৰায়ন হালৈ নামৰ এগৰাকী ব্যাক্তিয়ে নিজৰ পত্নী বকুলি হালৈক মদ খাবলৈ ১০ টকা বিচাৰিছিল৷ কিন্তু স্বামী নাৰায়ন হালৈক টকা নিদিয়াৰ বাবে পত্নী বকুলি হালৈক হত্যা কৰে। ইতিমধ্যে বকুলি হালৈৰ পৰিয়ালে মুকালমুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিক্তিত মুকালমুৱা আৰক্ষীয়ে স্বামী নাৰায়ন হালৈক স্থানীয় ৰাইজৰ শোধ-পোচৰ অন্তত আটক কৰিবলৈ সক্ষম হয়। নিজৰ ৯ বছৰীয়া কন্যাই পিতৃয়ে মাতৃক হত্যা কৰা বুলি কয়। ইতিমধ্যে মুকালমুৱা আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী অসামৰিক চিকিৎসালৈ প্ৰেৰন কৰে। মহিলা গৰাকীৰ বয়স ৩৮ বছৰ।
Leave a Reply