- শিৱসাগৰ নামতি চাৰি আলিত ব্যৱসায়ী সকলৰ ক’ভিড টেষ্ট সম্পন্ন।
- টেষ্টৰ ফলাফলত চেলুন ব্যৱসায়ী কভিড পজিটিভ। আতংকিত স্থানীয় ৰাইজ।
- ৰাজ্যত অব্যাহত আছে কভিডৰ সংক্ৰমণ।
- ক’ভিড সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে প্ৰৱৰ্তন কৰিছে নতুন নতুন SOP ।
- তেনে সময়ত শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত নামতিত আজি স্থানীয় আৰক্ষীৰ সহযোগত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ব্যৱসায়ী সকলৰ কভিড টেষ্ট কৰা হয়।
- ১৫০জনকৈ ব্যৱসায়ীৰ ভিতৰত মুঠ ৮জনৰ দেহত কভিড পজিতিভ ধৰা পৰে।
- ইয়াৰে চাৰি জন চেলুন ব্যৱসায়ী আৰু এজন ফুচকা ব্যৱসায়ী পজিটিভ হোৱাত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।
- পৰবৰ্তী সময়ত স্বাস্থ্য বিভাগৰ ফালৰপৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া সময়ত লক্ষণীয় হ’ব।
Leave a Reply