
শাসকীয় বিজেপিয়ে ৰাজ্যত আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ তৃতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জাগীৰোডৰ পৰা দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে।

জাগীৰোডত বৃহৎ সংখ্যক লোকৰ অংশগ্রহণেৰে ভিন ভিন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীতেৰে এই কাৰ্যসূচীক আদৰণি জনায়। জাগীৰোডৰ পৰা মুখ্যমন্ত্ৰীগৰাকী বৃহৎ মটৰ চাইকেল সমদলেৰে মৰিগাঁৱৰ দিশে অগ্ৰসৰ হয়। বাৰপূজীয়া, ৰহা, নগাওঁ আৰু পুৰণিগুদামত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বঢ়মপুৰত জন আশীৰ্বাদ যাত্ৰাৰ আজিৰ দিনটোৰ কাৰ্যসূচীৰ অন্ত পেলাব৷



