আজি ৭২তম বন মহোৎসৱঃ কৃষ্ণাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় চৌহদত গছপুলি ৰোপণ

Mode of transport - Transport

♦আজি ৭২ তম বন মহোৎসৱ৷ অন্যান্য বছৰৰ আজিৰ দিনটোত সমগ্ৰ ৰাজ্যতে উলহ মালহেৰে বন মহোৎসৱ উদযাপিত হয় যদিও এইবেলি দৃশ্যমান হ’ল সম্পূৰ্ণ এক বিপৰীত ছবি।

কৰ’না মহামাৰী কেন্দ্ৰিক পৰিস্থিতিৰ বাবে এইবেলি বন মহোৎসৱ পালিত হ’ল অতি অনুষ্টুপীয়া ভাৱে। গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বন কাৰ্যালয় চৌহদতো দেখা গ’ল একেই দৃশ্য।

সমগ্ৰ গোৱালপাৰা জিলাখনে কনটেইনমেন্ট জ’নত থকাৰ পৰিপ্ৰেক্ষিতত কৃষ্ণাই আঞ্চলিক বন কাৰ্যালয় চৌহদত মাত্ৰ কেইজোপা মান গছ পুলি ৰোপন কৰিয়ে পালন কৰা হ’ল এই বৰ্ষৰ বন মহোৎসৱ।

এই সন্দৰ্ভত কৃষ্ণাই আঞ্চলিক বন বিষয়া শিৱাণী দলে পেগুয়ে কয়- গছ থাকিলেহে মানুহ থাকিব। আমি এই মহামাৰীৰ দিনত যদি প্ৰত্যেক ব্যক্তিয়ে অন্তত একোডালকৈ গছ পুুুুলি ৰোপণ কৰোঁ তেন্তে ইয়ে আমাক প্ৰয়োজনীয় অক্সিজেনৰ যোগান ধৰিব।

তেওঁ নিজৰ বক্তব্যত কৰ’না মহামাৰী কেন্দ্ৰিক পৰিস্থিতিৰ বাবে এইবেলি বৃক্ষৰোপন কৰিয়ে বন মহোৎসৱ পালন কৰা বুলিও মত ব্যক্ত কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*