♦নিজামুল হুছেইনঃ ৰূপহীহাটৰ গড়েমাটিখোৱা জলসিঞ্চন আঁচনি৷ বিগত তিনি বছৰ ধৰি বিকল হৈ আছে পানী যোগান আঁচনিটো৷ চাৰিওফালে হাবি-জংঘলেৰে আৱৰি ধৰিছে পানী যোগান আঁচনিৰ কাৰ্যালয়৷ স্থানীয় ৰাইজে গড়েমাটিখোৱা পানী যোগান আঁচনিৰ দ্ধাৰা বৃহত্তৰ অঞ্চলৰ কৃষক সকল উপকৃত হ’ব বুলি মাটিও দান কৰিছিল৷ কিন্তু সকলোৰে আশাত চেঁচা পানী ধালি বিভাগটোৰ বৰমূৰীয়াৰ অমনোযোগিতাৰ বাবেই বৰ্তমান আঁচনিখন বগাহাতীত পৰিণত হৈছে৷
নিৰ্বাচনৰ পূৰ্বে উন্নয়ণৰ ফটা ঢোল বজোৱা চৰকাৰ খনৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে ৰূপহীৰ এই গড়েমাটিখোৱা পানী উত্তোলন জলসিঞ্চন আচঁনিয়ে। গড়েমাটিখোৱা পানী উত্তোলন জলসিঞ্চন আচঁনিটোৱে বিগত তিনি বছৰ ধৰি কৃষক সকলক যোগান ধৰিব পৰা নাই পানী। কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৃষকসকলে কৰা খেতিত পানীৰ অভাৱত ভালকৈ খেতি কৰিব পৰা নাই যাৰ ফলত সৃষ্টি হৈছে কৃষক সকলৰ মাজত হাহাকাৰ৷ স্থানীয় ৰাইজে গড়েমাটিখোৱা জলসিঞ্চন আঁচনিটো কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে৷
Leave a Reply