
জুবিন গাৰ্গৰ ওপজা দিন পালনৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু শিল্পীগৰাকীৰ অনুৰাগী সমাজে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে।
শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব।
প্ৰায় ৩০০ শিল্পী অহা ১৯ নৱেম্বৰৰ সন্ধিয়া গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সমবেত হ’ব।




