ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, সুলভ দামত চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ লগতে ৰাজ্যৰ প্ৰায় ৩৩ হাজাৰ সুলভ মূল্যৰ দোকানত মন্ত্ৰী, বিধায়ক আৰু স্থানীয় লোকসকলৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন জিলাত আয়োজিত এই অনুষ্ঠানসমূহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয়, যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় ৭০ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু প্ৰায় ২ কোটি ৪৫ লাখ হিতাধিকাৰী উপকৃত হ’ব। এই আঁচনিৰ অধীনত ৰেচন কার্ডপ্রাপ্ত পৰিয়ালে প্রতি মাহে ৬৯ টকাত মচুৰ দাইল, ৩৮ টকাত চেনি আৰু ১০ টকাত নিমখ ক্ৰয় কৰিব পাৰিব। এই বিশেষ মূল্য নৱেম্বৰ আৰু ডিচেম্বৰ মাহত প্ৰযোজ্য হ’ব। পৰৱৰ্তী পৰ্যায়ত ২০২৬ চনৰ জানুৱাৰীৰ পৰা অধিক সুলভ মূল্যত এই সামগ্ৰীসমূহ লাভ কৰিব। ৰাজ্যৰ প্ৰায় ৭০ লাখ লোক এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব।
আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সুলভ মূল্যৰ দোকানীসকলক প্ৰতি কিলো দাইল, চেনি আৰু নিমখৰ বিপৰীতে দুটকাকৈ দিয়া হ’ব বুলি উল্লেখ কৰি ৰাইজৰ পৰা তেওঁলোকক অতিৰিক্ত ধন নল’বলৈ আহ্বান জনায়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাৰ লগতে কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু চৰকাৰী শীৰ্ষ বিষয়া উপস্থিত থাকে।




