31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    হাৰ্টথ্ৰ’ব জুবিন

    অসমৰ সংস্কৃতিক বিশ্ব মঞ্চলৈ আগবঢ়ায় আজি তুমি অকাল মৃত্যুক সাৱটি ল'লা। তোমাৰ বিয়োগত আজি , সমগ্ৰ বিশ্ব মৰ্মাহত হৈ, নিবেদিছে শ্ৰদ্ধাঞ্জলি ।

    প্ৰাণৰো প্ৰাণ, তুমিয়েই শিল্পী
    হৃদয়স্পৰ্শীয় জুবিন গাৰ্গ।
    তুমি অসমৰ কণ্ঠ, বুকুৰ আমঠু
    ধ্ৰুব তৰাৰ দৰে, জিলিকি থাকিবা
    সমগ্ৰ বিশ্বতে।
    তুমি আলোড়িত কৰিলা
    তোমাৰ সুৰীয়া কণ্ঠৰে
    ক’ত অনুৰাগীক শোকৰ
    সাগৰত পেলাই , তুমি
    নিজেই বিলীন হ’লা সাগৰ তলীত।
    তোমাৰ মৃত্যু অসমৰ বাবে
    এক অপূৰণীয় ক্ষতি।
    অসমৰ গৌৰৱ কঢ়িয়াই আনিবলৈ
    তুমি গৈছিলা বহিঃৰাজ্যলৈ ।
    অনমিকা গীতৰ সুৰীয়া কণ্ঠৰে
    আৰম্ভ কৰি আজি শেষ নিশ্বাস
    ত্যাগ কৰিলা ছিংগাপুৰত ।
    তোমাৰ গায়ন শৈলীয়ে
    বিশ্ববাসীক কৰিলে মুগ্ধ।
    অসমৰ সংস্কৃতিক বিশ্ব মঞ্চলৈ আগবঢ়ায়
    আজি তুমি অকাল মৃত্যুক সাৱটি ল’লা।
    তোমাৰ বিয়োগত আজি , সমগ্ৰ বিশ্ব
    মৰ্মাহত হৈ, নিবেদিছে শ্ৰদ্ধাঞ্জলি ।

    ৰাজশ্ৰী সেনাপতি গগৈ,
    ডিব্ৰুগড়

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds